লুৰীণজ্যোতি গগৈৰ গাড়ীত আক্ৰমণ:দোষীক শাস্তিৰ দাবীত হাজো এজেপিৰ ৰাজ্যিক নিৰ্বাচনী আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ

বিশেষ প্ৰতিবেদক,হাজো,২মাৰ্চঃ

যোৱা ২৮ ফেব্ৰুৱাৰীৰ বিয়লি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ গাড়ীত নলবাৰী জিলাৰ কালাগত একাংশ বিজেপি কৰ্মীয়ে কৰা আক্ৰমণৰ অসম জাতীয় পৰিষদৰ হাজো সমষ্টি সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে।এই ঘটনাক গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি বুলি মত পোষণ কৰি সমগ্ৰ ঘটনাটোক ধিক্কাৰজনক আৰু বিজেপি চৰকাৰখনে যে গণতন্ত্ৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে,তাৰেই জ্বলন্ত প্ৰমাণ বুলি উল্লেখ কৰে।বিজেপি দলটোৱে চৰম হতাশাত ভুগিছে বুলি ব্যক্ত কৰে হাজো এজেপিয়ে।এই সন্দৰ্ভত শীঘ্ৰেই বিহীত ব্যৱস্থা গ্ৰহণ কৰি দোষীক শাস্তি বিহাৰ দাবী সম্বলিত তথা হাজো এজেপিৰ নেতা জিতেন্দ্ৰ ভৰালী আৰু চাইদুল হক স্বাক্ষৰিত এখন স্মাৰকপত্ৰ আজি হাজোৰ চক্ৰ বিষয়া সুকন্যা বৰাৰ জৰিয়তে ৰাজ্যিক নিৰ্বাচনী আয়ুক্তলৈ প্ৰেৰণ কৰে। 

Your Comments