ঘগ্ৰাপাৰত সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি গঠন

Pic

*সভাপতি ডা: ৰমেন কুমাৰ কাকতি,সাধাৰণ সম্পাদক অধিবক্তা প্ৰতুল কুমাৰ কলিতা*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ নলবাৰী জিলা সমিতিৰ উদ‍্যোগত আৰু ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সহযোগত নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত হৰিমন্দিৰৰ বাকৰিত ২৭ ফেব্ৰুৱাৰীত দিনযোৰা কাৰ্যসূচীৰে সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যসূচী "শ্বহীদ মণিৰাম দেৱান স্মৃতি দিৱস" পালন কৰাৰ লগতে কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি আৰু বিষয় বাচনি সভা (সাধাৰণ পৰিষদ)খন অনুষ্ঠিত হয়। 

সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সভাপতি সৰ্বেশ্বৰ কলিতা আৰু সাধাৰণ সম্পাদক ভুৱনেশ্বৰ কলিতাই আঁত ধৰা কাৰ্যসূচীত পুৱা ৯ বজাত পতাকা উত্তোলনৰে কাৰ্যসূচী মুকলি কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি ড: ভবেন চন্দ্ৰ কলিতাই। ইয়াৰ পিছতে শ্বহীদ মণিৰাম দেৱানৰ প্ৰতিচ্ছবিত মাল‍্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ডাঃ ৰমেন কুমাৰ কাকতি আৰু নলবাৰী জিলা সমিতিৰ সভাপতি সৰ্বেশ্বৰ কলিতাই। পুৱা ১০ বজাত বন্তি প্ৰজ্বলন কৰাৰ লগতে নগৰাকী বিশিষ্ট ব‍্যক্তিয়ে বৃক্ষৰোপন কৰে। পুৱা ১০: ৩০ বজাত স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি ড: ভৱেন চন্দ্ৰ কলিতাই। দিনৰ ১১ বজাত কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভা ( সাধাৰণ পৰিষদ ) অনুষ্ঠিত কৰা হয়।

উক্ত সভাত সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি ড: ভৱেন কলিতাই সভাপতিত্ব কৰে।উক্ত সভাতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি ২০২১-২০২৩ বৰ্ষৰ গঠন কৰা হয়। সভাপতি হিচাপে ডাঃ ৰমেন কুমাৰ কাকতি আৰু সাধাৰণ সম্পাদক হিচাপে অধিবক্তা প্ৰতুল কলিতা, মুখ্য উপদেষ্টা- ড°ভৱেন চন্দ্ৰ কলিতা (গুৱাহাটী)
উপদেষ্টা- ডা°পবিন্দ্ৰ নাথ তালুকদাৰ (গুৱাহাটী)
নৰেশ্বৰ কলিতা (নলবাৰী)
হেমেন লহকৰ (গুৱাহাটী)
কাৰ্যকৰী সভাপতি-জয়সূৰ্য বৰা (তিনিচুকীয়া),
উপসভাপতি- কনোৰাম কলিতা (তামুলপুৰ)
ৰূপাৰাণী ভূঞা (ওদালগুৰি),
ভাৰত বৰা (নগাওঁ),
অধৰ বৰুৱা (বজালী),
বিপুল বৰ্মন (নলবাৰী),
সম্পাদক- দিগন্ত বৰ্মন (মুছলপুৰ),
চুমি ভূঞা (তিনিচুকীয়া),
সমীৰ হাজৰিকা (নগাঁও),
সহকাৰী সম্পাদক-হীৰেন কলিতা (নলবাৰী),
মোহন কলিতা (তামুলপুৰ),
পংকজ ডেকা (তিনিচুকীয়া)
সাংগঠনিক সম্পাদক- বিপুল লহকৰ (তামুলপুৰ),
পংকজ কলিতা (মুছলপুৰ),
নগেন কলিতা (নলবাৰী)
দীপ বৰা (নগাঁও),
ধ্ৰুৱ কলিতা (দক্ষিণ কামৰূপ),
কোষাধ্যক্ষ- সতীশ ডেকা (ৰঙিয়া),
প্ৰচাৰ সম্পাদক- নৃপেন বৰা (তামুলপুৰ),
দেৱব্ৰত বৰা (নগাঁও),
দ্বীজেন ডেকা (নলবাৰী),
স্মৃতিৰেখা কলিতা (ডিব্ৰুগড়),
কাৰ্যনিৰ্বাহক সদস্য-গিৰীশ ডেকা (ৰঙিয়া)ক  লৈ সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। লগতে(বাকী থকা পদসমূহ কাৰ্যনিৰ্বাহকে পূৰ কৰিব)বুলি সদৰি কৰে।

Your Comments