"হিন্দু-মুছলমানৰ ৰাজনীতি শেষ কৰি সমাজক নতুন বাটৰে আগুৱাই নিম"-লুৰিণজ্যোতি গগৈ 

Lurinjyoti Gogoi

*অসম জাতীয় পৰিষদৰ নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰত জাগৰণ সমাৱেশ*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৮ ফেব্ৰুৱাৰী: 

"এইবাৰ অসমত একমাত্ৰ জাতীয়তাবাদী চৰকাৰ গঠন হ'ব।সাম্প্ৰদায়িকতা আৰু হিন্দু-মুছলমানৰ ৰাজনীতি শেষ কৰি সমাজখনক নতুন বাটৰে আগুৱাই নিবলৈ আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁঁ।শ্ৰীমন্ত শংকৰদেৱে দেখুৱাই যোৱা সমন্বয়ৰ আদৰ্শ অসমৰ মানুহৰ বাবে শক্তি হওক,সাহস হওক।"-এই মন্তব্য অসম জাতীয় পৰিষদৰ  সভাপতি লুৰীণজ‍্যোতি গগৈৰ।আজি অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰৰ সমীপৰ সোণকুৰিহাত এখন জনজাগৰণ সমাৱেশত অংশগ্ৰহণ কৰি গগৈয়ে কয় যে বিজেপিয়ে সমাজখনক ভাগ ভাগ কৰাৰ বাবে উঠি-পৰি লাগিছে।যেতিয়াই ৰাইজে বাট-পথ চিকিৎসাৰ উন্নয়ন,নিবনুৱা সমস্যা বা কৃষকৰ অধিকাৰৰ কথা কয় তেতিয়াই বিজেপিৰ নেতাসকলে মিঞা মিউজিয়াম,বদৰুদ্দিন আজমলৰ পিচপিনে আৰি থোৱা বেনাৰৰ কথা কয়।এতিয়া অসমত অসমীয়া বুলি পৰিচয় দিবলৈ ভয় হয়।পৰিচয় দিব লাগে হিন্দু-মুছলমান বুলি।কিন্তু আমি যদি অসমৰ স্বাভিমান ৰক্ষা কৰিব লাগে,মূৰ দাঙি জীয়াই থাকিব লাগে তেন্তে অসমীয়া জাতীয়তাবাদহে অসমত চলিবলৈ দিব লাগিব।'

জাতীয়তাবাদী চৰকাৰ নহ'লে অসমৰ সম্প্ৰীতি থানবান হৈ যাব বুলি মন্তব্য কৰি লুৰীণজ‍্যোতি 
গগৈয়ে কয়-"বিজেপিয়ে আজমলৰ ভয় দেখুৱায় । অসমৰ মাটিৰ পৰা বিজেপি, কংগ্ৰেছ আৰু এআইইউডিএফকো উৎখাত কৰিব লাগিব। অসম জাতীয় পৰিষদৰ চৰকাৰ হ'লে আমি 'কা' বলবৎ হোৱাাত বাধা দিম। 'কা' এখন সাম্প্ৰদায়িক আইন। এই আইনৰ জৰিয়তে ধৰ্মীয় মেৰুকৰণ কৰি ভোট বেংক তৈয়াৰ কৰিবলৈ বিচাৰিছে বিজেপিয়ে। আমাৰ চৰকাৰ হ'লে নাগৰিকত্ব দিয়াৰ নামত হিন্দু- মুছলমানৰ ৰাজনীতি বন্ধ কৰিম । ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিচত অহা হিন্দু-মুছলমান কোনো বিদেশীৰ বোজা ল'বলৈ আমি প্ৰস্তুত নহয়।"

অসম গণ পৰিষদক সমালোচনা কৰি তেওঁ কয়-"অসম গণ পৰিষদ নামটো সংগ্ৰহালয়ত থাকিব।তেওঁলোকৰ নেতা তিনিজনৰ লক্ষ্য কেৱল মাত্ৰ ক্ষমতা,মন্ত্ৰিত্ব।তেওঁলোকৰ কথা আলোচনা কৰিব নালাগে।"গগৈয়ে দিল্লীৰ চকুত চকু থৈ কথা কোৱা অসমৰ স্বাভিমান,ৰাজনৈতিক-সামাজিক অধিকাৰ ৰক্ষা কৰা চৰকাৰ গঠন কৰিবলৈ ৰাইজক আহ্বান জনায়।

স্থানীয় সোণকুৰিহা চ'কত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে নলবাৰী জিলাৰ অসম জাতীয় পৰিষদৰ সভাপতি নগেন ডেকাই।

অসম জাতীয় পৰিষদৰ সভাপতি গগৈয়ে লগতে নিজ ভাষণত কয় যে যি পানীত জাহাজ চলে সেই পানীত পদুম নুফুলে। পদুমে সমগ্ৰ অসম বোকাময় কৰি তুলিছে। বোকাত পদুম ফুলি ,ৰাইজক বোকাৰে লুটুৰি -পুটুৰি কৰিছে বুলি উল্লেখ‍্য কৰি  এইবাৰ এই বোকা পানীত পানী জাহাজে পদুম নোহোৱা কৰি ৰাইজক মুক্ত কৰিব। য'ত জাহাজ থাকে তাত পদুম নাথাকে বুলি গগৈয়ে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে।উক্ত সভাখনত অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে ভাষণত এইবাৰ অসমত অসম জাতীয় পৰিষদৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি উল্লেখ‍্য কৰে।উক্ত সভাত  অঞ্চলটোৰ বিভিন্ন দলৰ ভালেসংখ্যক কৰ্মীয়ে অসম জাতীয় পৰিষদত যোগদান কৰাৰ লগতে প্ৰাক্তন শ্ৰমিক নেতা খুৰচিদ আলাম আৰু নলবাৰী জিলা অগপৰ সমষ্টি কমিটীৰ সম্পাদক হেমন্ত হালৈয়েও দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে।

নলবাৰী জিলাৰ সাধাৰণ সম্পাদক শৰৎ কলিতাই আঁত ধৰা সভাখনত অসম জাতীয় পৰিষদৰ প্ৰাক্তন বিধায়ক তথা,অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকা,অসম বিধান সভা প্ৰাক্তন অধ‍্যক্ষ তথা অসম জাতীয় পৰিষদৰ উপ-সভাপতি পুলকেশ বৰুৱাই ভাষণ দিয়ে।সভাত অসম জাতীয় পৰিষদৰ নেতা ড: শিখৰ শৰ্মা,লক্ষ্মী পাটোৱাৰী,পৰিষদৰ  সম্পাদক অমল ডেকা, সাধাৰণ সম্পাদক মনোজ শৰ্মা আৰু অঞ্চলটোৰ তিনি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।

Your Comments