হাজোত বৃহৎ পৰিমাণৰ কফ চিৰাপ,নিচাযুক্ত টেবলেটসহ এজনক আটক 

#বিশেষ প্ৰতিবেদক,হাজো:

হাজো আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ণিত ২৪ ফেব্ৰুৱাৰীৰ নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ কফ চিৰাপ,নিচাজাতীয় টেবলেটসহ এজন ব্যৱসায়ীক আটক কৰে।

Pic

আটকাধীন ড্ৰাগছ ব্যৱসায়ীটো হ'ল হাজো থানাৰ অন্তৰ্গত বৰ্ণিৰ আব্দুল মতলেবৰ পুত্ৰ ছয়ফুল হক(২৭)। হাজো থানাৰ উপ-পৰিদৰ্শক ই দৈমাৰীয়ে জনোৱা মতে,নিশা গোপন খবৰৰ ভিত্তিত ড্ৰাগছ ব্যৱসায়ী ছয়ফুল হকৰ বৰ্ণিৰ নিজ গৃহত অতৰ্কিতে অভিযান চলাই ১৫০ টা কফ চিৰাপৰ বটল আৰু ১২০ টা নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ী হকক আটক কৰে।জব্দ কৰা নিচাজাতীয় দ্ৰব্যখিনিৰ মূল্য প্ৰায় অৰ্ধ লক্ষাধিক টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।উল্লেখ্য যে দীৰ্ঘদিন ধৰি হাজোৰ বিভিন্ন স্থানত একাংশ লোকে অবৈধভাৱে মদ, জুৱাকে ধৰি ড্ৰাগছৰ অবৈধ বেহা চলাই থকা সন্দৰ্ভত ৰাইজে বাৰম্বাৰ প্ৰশাসনৰ ওচৰত অভিযোগ দি আহিছিল।

 

Your Comments