কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত 'তথ্য জনাৰ অধিকাৰ আইন-২০০৫' সম্পৰ্কত আলোচনা-সভা সম্পন্ন

Pic

'তথ্য জনাৰ অধিকাৰ আইন-২০০৫' সম্পৰ্কত এখনি আলোচনা-সভা ২১ ফেব্ৰুৱাৰীত কামৰূপ জিলাৰ উপায়ুক্তৰ নৱনিৰ্মিত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰা হয়।

কামৰূপ জিলাৰ প্ৰাথমিক শিক্ষা বিভাগ আৰু সৰ্বশিক্ষা অভিযানৰ উদ্যোগত অনুষ্ঠিত এই সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰে তথ্য জনাৰ অধিকাৰ আইনখনক  গণতন্ত্ৰৰ সুৰক্ষা কৱচ বুলি মন্তব্য কৰে।এই আইনখনৰ সঠিক প্ৰয়োগত গুৰুত্ব প্ৰদান কৰি ন্যায়াধীশগৰাকীয়ে সভাত সৰ্বসাধাৰণ ৰাইজে জানিবলগীয়া বিভিন্ন ধাৰা,উপধাৰা তথা নীতি -নিয়মৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে । ন্যায়াধীশগৰাকীয়ে তথ্য জনাৰ অধিকাৰ আইন (আৰটিআই )সম্পৰ্কত জনসাধাৰণৰ মাজত অধিক সজাগতা সৃষ্টিত গুৰুত্ব দিয়ে । তেওঁ পুনৰ কয় যে সু-শাসন প্ৰৱৰ্তনৰ বাবে এই আইনখনৰ সু-প্ৰয়োগ কৰিব লাগিব আৰু নাগৰিকসকলেও ইয়াৰ সু-ব্যৱহাৰ কৰিব লাগিব । তেওঁ লগতে কয় যে এই আইনৰ অধীনত তথ্য বিচাৰি বিভিন্ন বিভাগত নাগৰিকে কৰা আবেদনসমূহ সংশ্লিষ্ট বিষয়াসকলে তৎপৰতাৰে সঠিক সময়ত নিষ্পত্তি কৰাত গুৰুত্ব দিয়া উচিত । ন্যায়াধীশ বৰঠাকুৰে তথ্য জনাৰ অধিকাৰ আইনখনৰ ৰূপায়ণ আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে সভাত ব্যাখ্যা কৰে । লোক তথ্য বিষয়া আৰু লোক কৰ্তৃপ‌ক্ষৰ অধিকাৰ আৰু দায়িত্ব তথা কৰ্তব্যৰ বিষয়েও ন্যায়াধীশগৰাকীয়ে সভাত আলোকপাত কৰে।সভাত ন্যায়াধীশগৰাকীয়ে সমগ্ৰ শিক্ষা, কামৰূপৰ ৱেবছাইট এটিও আনুষ্ঠানিকভাৱে মুকলি কৰে। ৱেবছাইটটো হল www.ssakamrup.co.in।

Pic

সভাত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে তথ্য জনাৰ অধিকাৰ আইনখনৰ গুৰুত্ব আৰু তাৎপৰ্য্যৰ বিষয়ে ব্যাখ্যা কৰে । তেওঁ কয় যে এই আইনখনে গণতান্ত্রিক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে প্ৰশাসনক দক্ষ, স্বচ্ছ আৰু নিকা কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । উপায়ুক্তগৰাকীয়ে তথ্য জনাৰ অধিকাৰ আইনখনক এখন অতি শক্তিশালী আইন বুলি মন্তব্য কৰে আৰু এই আইনৰ অপব্যৱহাৰ নকৰিবলৈ নাগৰিকসকলক আহ্বান জনায় । আৰটিআইৰ আবেদনকাৰীসকলে জানিবলগীয়া আইনখনৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়েও উপায়ুক্তগৰাকীয়ে সভাত কয়।

আলোচনা-সভাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই তথ্য জনাৰ অধিকাৰ আইনখনক এখন জনহিতকৰ আইন বুলি মন্তব্য কৰি আইনখনৰ গুৰুত্বপূৰ্ণ ধাৰা আৰু উপধাৰাসমূহৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় । তেওঁ কয় যে এই যুগান্তকাৰী আইনখনৰ বাবে নাগৰিকসকলৰ কাৰণে চৰকাৰী  তথ্য পোৱাটো সহজ হ'ল। 

সভাত কামৰূপ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়ায়ো ভাষণ দিয়ে । সভাত কামৰূপ জিলা আইন সেৱা প্রাধিকৰণৰ সচিব মৈয়েত্রী ডেকা দলে, জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰতন সাউদেও অংশগ্ৰহণ কৰে । আলোচনা-সভাখনত বিভিন্ন শিক্ষানুষ্ঠানৰ ভালেসংখ্যক শিক্ষক-শিক্ষয়িত্রী উপস্থিত থাকে।

Your Comments