বিশেষ প্ৰতিবেদক,হাজো,২১ ফেব্ৰুৱাৰীঃ
ক'ৰ'না মহামাৰীৰ সময়ছোৱাত দেশত চলি থকা লকডাউনৰ ফলত বিদ্যালয়সমূহ বন্ধ হৈ পৰিছিল।ফলত ছাত্ৰ-ছাত্ৰীসকল শৈক্ষিক দিশত বহু ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছিল। ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদৰ একক প্ৰচেষ্টত হাজো সমষ্টিৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰায় ১৫০০ ছাত্ৰ-ছাত্ৰীয়ে সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰৰ ১২ টা কেন্দ্ৰত বিনামূলীয়া পাঠদানৰ ব্যৱস্থা কৰিছিল।এই কেন্দ্ৰসমূহত পাঠদান কৰা ছাত্ৰ ছাত্ৰী সকলৰ লগতে শিক্ষাগুৰু তথা অভিভাৱকসকলৰ লগত মত বিনিময় কৰাৰ উদ্দেশ্যেৰে আজি বিয়লি তিনি বজাত হাজো বিষ্ণুৰাম মেধি প্ৰেক্ষাগৃহত অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
ৰমণী মালাকাৰৰ পৌৰোহিত্যত অনুষ্ঠিত এই মত বিনিময় অনুষ্ঠানটোৰ আঁঁত ধৰে জাতীয় পৰিষদৰ নেতা ছাইদুল হকে।অনুষ্ঠানত ছাত্ৰ -ছাত্ৰী তথা অভিভাৱকসকলে দুলু আহমেদৰ এনে প্ৰচেষ্টাৰ শলাগ লয় আৰু ইয়াৰ জৰিয়তে বহু দুখীয়া মেধা শিক্ষাৰ্থী উপকৃত হ'ব বুলি প্ৰকাশ কৰে।এই অনুষ্ঠানত শিক্ষাগুৰুসকল উপস্থিত থাকি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰস্তুত হ'বলৈ আহ্বান জনোৱাৰ লগতে বিভিন্ন পৰামৰ্শ আগবঢ়ায়।
অনুষ্ঠানত দুলু আহমেদে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিবলৈ বিদ্যাৰ্থীসকলক আহ্বান জনাই কয় যে হাজো সমষ্টিৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহটা স্থানৰ ভিতৰত থাকিব তেওলোকক স্কুটী আৰু বাইক প্ৰদান কৰিব।এই অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীসকলক জ্যামিতি বক্স,ক্লিপ ব'ৰ্ড প্ৰদান কৰে।
- Log in to post comments
- 7 views