ৰঞ্জিত তালুকদাৰ,বৰপেটাৰোড,২০ ফেব্ৰুৱাৰী:
শালবাৰী জিলা বড়ো সাহিত্য সভাৰ ১৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি আজিৰেপৰা দুদিনীয়া কাৰ্য্যসূচীৰে বৰপেটাৰোড সভা ভৱনত অনুষ্ঠিত হৈছে।এই উপলক্ষে বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সদস্য ৰাজেন্দ্ৰ বসুমতাৰীয়ে।প্ৰতিনিধি শিবিৰ মুকলি কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ৰোহান ব্ৰহ্মই।তাৰ পিছতে বৰপেটাৰোড প্ৰাথমিক সমিতিৰ এখনি সভা ভৱেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত হয়৷ সভাখনত বড়ো ৰাইটাৰ্ছ একাডেমিৰ সাধাৰণ সম্পাদক আনন্দৰাম ওৱাৰী, শালবাৰী জিলা কাৰ্য্যনিৰ্বাহক মনোৰঞ্জন বনোৱাৰী প্ৰমুখ্যে ভালেকেইজন বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰি বড়ো সাহিত্য জগতৰ ইতিহাস আৰু বৰ্তমানে বড়ো সাহিত্য সভাই বড়ো সাহিত্য-সাংস্কৃতিকৰ বিকাশ আৰু উত্তৰণৰ বাবে কেনে পদক্ষেপ গ্ৰহণ কৰি আহিছে তাক ব্যাখ্যা কৰে। সভাত বড়ো সাহিত্য সভাৰ বৰপেটাৰোড প্ৰাথমিক সমিতিখন নতুনকৈ গঠন কৰা হয় ৷ সেইমৰ্মে ৰোহন ব্ৰহ্মক সভাপতি, নৰেন গয়াৰীক উপ-সভাপতি, ধৰ্মেশ্বৰ স্বৰ্গীয়াৰীক সাধাৰণ সম্পাদক, মতিলাল দৈমাৰীক সহকাৰী সম্পাদক, হেমচন্দ্ৰ ব্ৰহ্মক কোষাধ্যক্ষ আৰু আলোচনী বিভাগত সভাপতি হিচাবে ডাঃ উমেশ চন্দ্ৰ বড়ো, সম্পাদক হিচাবে ধনশ্ৰী স্বৰ্গীয়াৰী আৰু বন্তি বসুমতাৰীক সহকাৰী হিচাবে নিৰ্বাচিত কৰা হয়।
কাইলৈ ২১ ফেব্ৰুৱাৰীত দ্বিতীয় দিনাৰ কাৰ্য্যসূচী পুৱা ৮ বজাত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰা হব ৷ পতাকা উত্তোলন কৰিব শালবাৰী জিলা বড়ো সাহিত্য সভাৰ সভাপতি ডম্বৰুধৰ বসুমতাৰী আৰু শ্বহীদ তৰ্পণ কৰিব উপ- সভাপতি মনোজ কুমাৰ বড়োয়ে ৷ দিনৰ ১০ বজাত মতিলাল দৈমাৰীৰ মুখ্য সম্পাদনাত প্ৰকাশ হবলগীয়া "আইঠাবাৰীনী ফুংখা" নামৰ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰিব উপ- সভাপতি বীৰেন বসুমতাৰীয়ে ৷ উক্ত অনুষ্ঠানৰ পিছতে মেট্ৰিকত প্ৰথম বিভাগ পোৱা বড়ো ছাত্ৰছাত্ৰী সকলৰ লগতে ভালেকেইজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হব ৷ লগতে "আবৌ খবাম ৰাজা সাহিত্য বঁটা" প্ৰদান কৰা হ'ব হাংখ্ৰাই উজীৰক আৰু বক্তা হিচাবে উপস্থিত থাকিব সীতাৰাম বসুমতাৰী।দিনৰ এক বজাত আৰম্ভ হ'ব মুকলি সভা। মুকলি সভাত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো, বডোলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ভৌমিক চন্দ্ৰ বড়োকে আদি কৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷
- Log in to post comments
- 16 views