হাজোৰ ৰামদিয়াত নৃশংস হত্যাকাণ্ড:বন্ধুৱে হত্যা কৰিলে বন্ধুক:দুজনক আটক

Pic

বিশেষ প্ৰতিবেদক,হাজো,২০ ফেব্ৰুৱাৰী:

কামৰূপ জিলাৰ হাজো আৰক্ষী থানা তথা ৰামদিয়া আৰক্ষী চকীৰ অন্তৰ্গত ৰামদিয়া-পাটোৱাৰী চুবুৰীত যোৱা নিশা এটা চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়।নিশা এজন বন্ধুৱে ঘৰৰ পৰা মাতি নি ৰামদিয়া পাটোৱাৰী চুবুৰীৰ অতুল ভৰালীৰ একমাত্ৰ পুত্ৰ তথা জিএমচিএইচৰ অস্থায়ী কৰ্মচাৰী কংকণ ভড়ালীক হত্যা কৰি এজোপা গছৰ তলত পেলাই যোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনা সন্দৰ্ভত উত্থাপিত অভিযোগ মতে,কালি দিনৰ ভাগতে মূল অভিযুক্ত তথা ৰামদিয়া কলবাৰী চুবুৰীৰ দ্বীজেন ভৰালীৰ পুত্ৰ অজয় দাসৰ লগত কিবা কথাক লৈ কংকণ ভৰালীৰ কাজিয়াৰ সূত্ৰপাত হৈছিল যদিও তেতিয়াই কাজিয়াৰ শাম কাটিছিল।লক্ষণীয়ভাৱে কালি নিশা প্ৰায় ৮-৩০ বজাত অজয় দাসে কংকণক ফোন কৰি পথাৰলৈ মাতি লৈ যায়।কিছু সময় পিছতে কংকণৰ পিতৃ আৰু এজন লোকে বিচাৰি গৈ ঘৰৰ পৰা কিছু নিলগত পথৰ কাষত তেজে তুমুৰালি হৈ পৰি থকা কংকণক প্ৰত্যক্ষ কৰে। ততালিকে গাঁঁওখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰে।হত্যাকাৰীক বিচাৰি নিশাই ৰাইজে অভিযান চলাই যদিও ইতিমধ্যে হত্যাকাৰীৰ দলটো পলাই সাৰে।

পিছত খবৰ পোৱা মাত্ৰকে ৰামদিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি থানালৈ আনে। পৰিয়ালৰ অভিযোগ অনুসৰি,অজয় দাস নামৰ যুৱকজনে একে গাঁঁৱৰে কংকণ ডেকা,জিন্তু ডেকা,অসীম ভৰালী, ৰামদিয়া নামপাৰাৰ দামোদৰ তালুকদাৰ,মানস মেধি আৰু ৰতন ডেকাৰ সৈতে মিলি নৃশংসভাৱে হত্যা কৰি পথৰ কাষত পেলাই থৈ যায়।ইতিমধ্যে আৰক্ষীয়ে মানস মেধি আৰু অসীম ভড়ালীক সোধ-পোচৰ বাবে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

Your Comments