অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি:বৰাজোলত 'আছু'ৰ প্ৰতিবাদ

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অত্যাৱশ্যকীয় সামগ্ৰী আৰু পেট্ৰ'লৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ১৯ ফেব্ৰুৱাৰীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাই সন্ধিয়া বৰাজোল চ'কত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্ত্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মৃগেন দাস আৰু সাধাৰণ সম্পাদক আতিকুৰ ৰহমানৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিমূৰ্ত্তি দাহ কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়,কেন্দ্ৰীয় চৰকাৰ হায় হায়,ফণীভূষণ চৌধুৰী হায় হায়,ধৰ্মেন্দ্ৰ প্ৰধান মুৰ্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

কাৰ্যসূচীত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জীৱনজ্যোতি ডেকা,উপদেষ্টা আজিজুল ইছলাম আৰু ভালেসংখ্যক ছাত্ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

Your Comments