দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৯ ফেব্ৰুৱাৰী:
অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নলবাৰীতো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ২২খন আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰিলে বিক্ষোভ কাৰ্যসূচী। নলবাৰী শ্বহীদ ভৱনৰ সন্মুখত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই পেট্ৰোল, ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে ৰূপায়ণ কৰিলে অৱস্থান ধৰ্মঘট।
প্ৰতিবাদকাৰীসকলে অৱস্থানস্থলীত ৰন্ধন গেছৰ ছিলিণ্ডাৰ,মিঠাতেল,পিয়াঁঁজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী লৈ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীকে ধৰি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে।শীঘ্ৰে এইসমূহ সামগ্ৰী মূল্যবৃদ্ধি ৰোধ নহ'লে চৰকাৰৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰে।
- Log in to post comments
- 12 views