অত‍্যাৱশ‍্যকীয় খাদ্য সামগ্ৰী-ইন্ধনৰ আকাশলংঘী মূল‍্যবৃদ্ধি:আমিনগাঁৱত কামৰূপ জিলা 'আছু'ৰ বিক্ষোভ

Pic

পেট্ৰ'ল,ডিজেল,ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত ১৯ ফেব্ৰুৱাৰীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই আমিনগাঁৱত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ ছাত্ৰ সন্থাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰি মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে।প্ৰতিবাদী 'আছু' কৰ্মীসকলে অসম চৰকাৰ হায়-হায়,যোগান মন্ত্ৰী হায়-হায়,অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক,পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক আদি বাক্য সম্বলিত প্লে'কাৰ্ড প্ৰদৰ্শন কৰে।

Pic

বিক্ষোভ প্ৰদৰ্শনত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি প্ৰকাশ চন্দ্ৰ দাসে বক্তব্য প্ৰসংগত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ নোৱাৰা ৰাজ্য চৰকাৰক তীব্র সমালোচনা কৰে।যদি ৰাজ্য চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ নোৱাৰে,তেন্তে আছুয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰিব বুলি দাসে সকীয়াই দিয়ে।বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাস,সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি ভৱজ্যোতি ডেকা আৰু সাধাৰণ সম্পাদক পংকজ কলিতা,জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ধীৰাজ ৰাজবংশী আৰু নিৰোদ কুমাৰ দাসে বক্তব্য প্ৰদান কৰি অসম চৰকাৰক কঠোৰ সমালোচনা কৰে।অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ৰাজ্যৰ যোগান বিভাগৰ ব্যৰ্থতাক তেওঁলোকে একমুখে গৰিহণা দিয়ে।হিতাধিকাৰী সৃষ্টিত ব্যস্ত থাকি ৰাজ্য চৰকাৰে মূল্যবৃদ্ধিৰ যন্ত্ৰণাত ককবকাই থকা জনতাৰ সমস্যালৈ পিঠি দিছে বুলি তেওঁলোকে মন্তব্য কৰে। বিক্ষোভ কাৰ্যসূচীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই মূল্যবৃদ্ধিয়ে জনতাক গভীৰ সমস্যাৰ মুখলৈ ঠেলি দিছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।প্ৰতিবাদী কাৰ্যসূচীত কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি মধুসূদন মেধিয়ে ভাষণ প্ৰদান কৰি মন্তব্য কৰে যে মূল্যবৃদ্ধিয়ে জুৰুলা কৰা জনতাৰ ওচৰত ঠিয় দিছে এতিয়া আছুয়ে।পেট্ৰ'ল-ডিজেলৰ অত্যধিক মূল্যবৃদ্ধিয়ে মধ্যবিত্ত শ্ৰেণীৰ বিপাঙত পেলাইছে বুলি তেওঁ উল্লেখ কৰে।

Your Comments