বিশেষ প্ৰতিবেদক,হাজো:
যোৱা ১০ ফেব্ৰুৱাৰীত নগাৱঁৰ বামুণী গাঁঁৱৰ পৰা সন্ধানহীন হোৱা হাজোৰ টোক্ৰাদিয়াৰ কৃষ্ণ বৈশ্য নামৰ নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকৰ কৰ্মচাৰীগৰাকীক দুৰ্বৃত্তই ডিঙি ৰেপি নৃশংস শভাৱে হত্যা কৰি ৰাঙলু উপ-আৰক্ষী চকীৰ অন্তৰ্গত বামুণীৰ তপতজুৰিত পেলাই থৈ যোৱাৰ পিছত বৰ্তমানেও আৰক্ষী প্ৰশাসনে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাত চুড়ান্তভাৱে ব্যৰ্থ হৈছে । তাৰেই প্ৰতিবাদকল্পে হিন্দু সুৰক্ষা সেনাই ১৮ ফেব্ৰুৱাৰীত দিনৰ ১২ বজাত হাজোত এটা প্ৰতিবাদী সমদল উলিয়ায়।
হিন্দু সুৰক্ষা সেনাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত হাজো সুৰেণ দাস মহাবিদ্যালয়ৰ পৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ উলিওৱা এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা কেইবা শতাধিক পুৰুষ-মহিলাই হাতে হাতে বেনাৰ- ফেষ্টুন লৈ কৃষ্ণ বৈশ্যৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি ফাঁঁচী দিয়ক,কৃষ্ণ বৈশ্যৰ হত্যাৰ ফাষ্টট্ৰেক আদালতত বিচাৰ কৰক,হিন্দু হত্যা বন্ধ কৰক,কৃষ্ণ বৈশ্যৰ পৰিয়ালক ন্যায় প্ৰদান কৰক,কৃষ্ণ বৈশ্যৰ পৰিয়ালক সাহায্য প্ৰদান কৰক,নগাঁঁও আৰক্ষী মুৰ্দাবাদ আদি ধ্বনিৰে হাজোৰ ৰাজপথ উত্তাল কৰি তোলে।এই প্ৰতিবাদী সমদলৰ অন্তত কৃষ্ণ বৈশ্যৰ হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী সম্বলিত এখন স্মাৰকপত্ৰ হাজোৰ চক্ৰ বিষয়াৰ জড়িয়তে গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।
প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই বেংক কৰ্মচাৰী কৃষ্ণ বৈশ্যৰ হত্যাৰ আঠ দিন উকলি যোৱাৰ পিছতো নগাঁও আৰক্ষীয়ে এজনো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে আৰক্ষী প্ৰশাসন চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে।তেওঁঁ কৃষ্ণ বৈশ্যৰ হত্যাকাণ্ডক গুৰুত্ব সহকাৰে ল'বলৈকো মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাই।এই প্ৰতিবাদী সমদলত হিন্দু সুৰক্ষা সেনাৰ কেন্দ্ৰীয় সমিতিৰ সহ:সম্পাদক টংকে ডেকা,হাজো জিলাৰ সভাপতি সঞ্জীৱ কুমাৰ দাস,সম্পাদক বিকাশ দাস, গৌতম চক্ৰৱৰ্তী,মানস মেধি,মনোৰঞ্জন কলিতাকে ধৰি কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে।
উল্লেখ্য যে কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত টোক্ৰাদিয়াৰ দিনা হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা যোগেশ বৈশ্যৰ একমাত্ৰ সন্তান কৃষ্ণ বৈশ্য (২৬) ই বিগত ৪ বছৰে নগাওঁ জিলাৰ কঠিয়াতলী শাখাৰ নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকত কৰ্মৰত হৈ আছিল।
কঠিয়াতলী শাখাত কৰ্মৰত অতি সহজ সৰল যুৱক বৈশ্যই যোৱা ১০ ফ্ৰেব্ৰুৱাৰীত প্ৰতিষ্ঠানটোৰ নিয়মীয়া কাম কাজৰ বাবে পুৱাই কঠিয়াতলীৰ বামুণী অঞ্চললৈ ওলাই যোৱাৰ পিছৰ পৰাই সন্ধানহীন হৈ পৰে। ঘটনাৰ পিছদিনা ৰাঙলী উপ-আৰক্ষী চকীৰ অন্তৰ্গত বামুণীৰ তপতজুৰিত ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰা হৈছিল কৃষ্ণ বৈশ্যৰ মৃতদেহ।
- Log in to post comments
- 11 views