অসমত প্ৰথমটো বিদ্যুৎ চালিত ৰেল ইঞ্জিনৰ বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা সৰুপেটালৈ পৰীক্ষামূলক যাত্ৰা

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

অসমৰ ইতিহাসত ১৮ ফেব্ৰুৱাৰীত সৃষ্টি হ'ল এটা নতুন অধ্যায়ৰ৷অসমৰ প্ৰথমটো বিদ্যুৎ চালিত ৰেল ইঞ্জিন চলিল বঙাইগাঁৱৰ পৰা ৷ বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা সৰুপেটা ৰেল ষ্টেচনলৈ পৰীক্ষামূলকভাৱে যাত্ৰা কৰিলে অসমৰ প্ৰথমটো বিদ্যুৎ চালিত ৰেলৰ ইঞ্জিনে ৷ এই বিদ্যুৎ চালিত ৰেল ইঞ্জিনৰ যাত্ৰাৰ নাৰিকল ভাঙি শুভাৰম্ভ কৰে উত্তৰ-পূব সীমান্ত ৰেলৱে বিকাশ নিগম লিমিটেডৰ মুখ্য প্ৰকল্প প্ৰৱন্ধক গৌতম ৰায়ে ৷ জানিব পৰা মতে ২০১৬ চনত অসমত প্ৰথম বিদ্যুৎ চালিত ৰেল চলাচলৰ বাবে ৰেল পথত বৈদ্যুতিকৰণৰ কাম আৰম্ভ হয়। মুখ্য প্ৰকল্প প্ৰৱন্ধক চিটু সিং হাজঙৰ তত্ত্বাৱধানত আৰম্ভ হোৱা এই কাম বঙাইগাঁও ৰে'ল ষ্টেচনৰ পৰা গুৱাহাটীলৈকে সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে ৷ যাৰ বাবে বৃহস্পতিবাৰে এই পৰীক্ষামূলক যাত্ৰা আৰম্ভ কৰা হয় ৷

উল্লেখ্য যে একেটা ৰেল ইঞ্জিনক শুকুৰবাৰে বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈকে পুনৰ পৰীক্ষামূলকভাৱে চলোৱা হ'ব আৰু অহা ২০ ফেব্ৰুৱাৰীত এই ৰেল ইঞ্জিনটো পৰীক্ষামূলকভাৱে চলোৱা হ'ব বঙাইগাঁও আৰু গুৱাহাটীৰ মাজত ৷ ২৬ ফেব্ৰুৱাৰীত ৰেলৱে চেফটি কমিচনৰ তত্বাৱধানত ডবা সংযোগ কৰি বঙাইগাঁও ৰে'ল ষ্টেচনৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিব এই বিদ্যুৎ চালিত ৰে'লখনে ৷ এই পৰীক্ষামূলক যাত্ৰা সফল হ'লে অহা মাহৰ পৰা কিছু যাত্ৰীবাহী ৰেল ইন্ধনৰ পৰিৱৰ্তে বিদ্যুৎ সংযোগৰে চলোৱাৰ সম্ভাৱনা থকা বুলি ৰেল বিভাগৰ এই কামৰ দায়িত্ব লাভ কৰা বিকাশ ইলেক্ট্ৰিক নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী উমেশ সৰকাৰে জানিবলৈ দিছে ৷

Pic

বৃহস্পতিবাৰৰ এই পৰীক্ষামূলক যাত্ৰা আৰম্ভ হয় ল’কো পাইলট মেঘনাথ ব্ৰহ্মৰ নেতৃত্বত ৷ লগতে উপস্থিত থাকে সহকাৰী ল’কো পাইলট শুভ্ৰদ্বীপ পাল ৷ উল্লেখ্য যে বঙাইগাঁৱৰ পৰা প্ৰথমটো বিদ্যুৎ চালিত ৰেল ইঞ্জিনৰ যাত্ৰা কৰা কাৰ্যই বঙাইগাঁওবাসী ৰাইজৰ মাজত উৎসুকতাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷

ৰেলৱে বিকাশ নিগম লিমিটেডৰ মুখ্য প্ৰকল্প প্ৰৱন্ধক গৌতম ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে বিদ্যুতিক ৰে'লৰ চলাচল আৰম্ভ হ'লে গুৱাহাটীলৈ যাবলৈ সময় কিছু কম লগাৰ লগতে যাত্ৰা আৰামদায়ক হ'ব ৷ লগতে প্ৰদূষণ কম হোৱাৰ লগতে ইন্ধন ব্যয় হ্ৰাস পাব ৷ ফলত ভাৰতীয় ৰেল লাভাম্বিত হ'ব ৷

Your Comments