নেলী গণহত্যাৰ শ্বহীদসকলক সোঁঁৱৰণ:মমবাতি প্ৰজ্বলন 'এবিএমছু'ৰ

Pic

*নেলী গণহত্যাত নিহতসকলক শ্বহীদ ঘোষণা কৰক-টাইচন হুছেইন*

তামুলপুৰ,১৮ ফেব্ৰুৱাৰী:

"আজিৰ দিনটো অসমৰ বাবে এটা কলংকিত দিন।আজিৰ এই দিনটোতে তদানীন্তন নগাঁও জিলাৰ নেলীত বহু নিৰীহ লোকক অচিনাক্ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিছিল।কিন্তু এইসকল লোকৰ পৰিয়ালে আজিও ন্যায় পাবলৈ সক্ষম নহ'ল।"এই ভাষ্য সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা চমুকৈ এবিএমছুৰ সাধাৰণ সম্পাদক টাইচন হুছেইনৰ।আজি সন্ধিয়া তামুলপুৰ জিলা এবিএমছুৰ উদ্যোগত দ্বাৰকুছিত নেলী গণহত্যাৰ বলি হোৱা বীৰ শ্বহীদসকলৰ সোঁৱৰণত মমবাতি প্ৰজ্বলন অনুষ্ঠানত অংশ গ্ৰহণ কৰি টাইচন হুছেইনে এইদৰে কয়।

হুছেইনে পুনৰ কয় যে অসম আন্দোলনৰ নামত সেই সময়ত নিৰীহ লোকক একমাত্ৰ সংখ্যালঘু সম্প্ৰদায়ৰ হোৱা বাবেই নৃশংসভাৱে হত্যা কৰা হৈছিল। এই হত্যা কাণ্ডৰ আজি ৩৮ টা বছৰ অতিক্ৰম কৰিলে।এই হত্যাকাণ্ডৰ বিপৰীতে ৬৮৮ টা গোচৰ ৰুজু কৰা হৈছিল আৰু ৩১০ টা গোচৰৰ অভিযোগনামাও দাখিল কৰা হৈছিল যদিও নেলীৰ নিৰীহ লোকসকলক চৰকাৰে ন্যায় প্ৰদান কৰিব নোৱাৰিলে।আনকি বিচাৰ প্ৰক্রিয়াও চৰকাৰে আৰম্ভ নকৰিলে।আজি আমি নেলীৰ গণহত্যা কাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলক শ্ৰদ্ধাৰে সুৱঁৰিছো আৰু বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি হত্যাকাৰীসকলৰ উচিত শাস্তি প্ৰদান কৰাটো বিচাৰিছো। অন্যথা এই হত্যাকাণ্ডৰ ন্যায় বিচাৰি বিভিন্ন জাতি-জনগোষ্ঠীক লগত লৈ পুনৰ ৰাজপথত আন্দোলনত নামিবলৈ এবিএমছু বাধ্য হ'ব বুলিও টাইচন হুছেইনে মন্তব্য কৰে।

এবিএমছুৰ সম্পাদকগৰাকীয়ে অসম আন্দোলনত নেলীত মৃত্যু হোৱা লোকসকলক শ্বহিদ ঘোষণা কৰাৰ দাবী জনোৱাৰ লগতে পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ দিয়াৰো দাবী জনায়।আজি দ্বাৰকুছি আঞ্চলিক এবিএমছুৰ কাৰ্য্যালয় প্ৰাংগণত নেলী গণহত্যাৰ শ্বহীদসকলৰ সোঁৱৰণত অনুষ্ঠিত মমবাতি প্ৰজ্বলন অনুষ্ঠানৰ আঁত ধৰে তামুলপুৰ জিলা এবিএমছুৰ সাধাৰণ সম্পাদক বুবুল আলীয়ে।

অনুষ্ঠানত অংশ গ্ৰহণ কৰি তামুলপুৰ জিলা এবিএমছুৰ সভাপতি বদৰুদ্দিন খান আৰু কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মহিবৰ ৰহমানেও শ্বহীদসকলৰ সোঁৱৰণত ভাষণ প্ৰদান কৰে।ভাষণৰ অন্তত নেলী হত্যাকাণ্ডৰ শ্বহীদসকলৰ সোঁৱৰণত মমবাতি প্ৰজ্বলন কৰি তেওঁলোকৰ আত্মাৰ সাদগতি কামনা কৰি এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয়।

Your Comments