কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ দীপৰ বিলত অনুষ্ঠিত অনুষ্ঠানত 'পৰ্যটন সাৰথি' বঁটা হিচাপে ৰাজ্যখনৰ কেইবাগৰাকী পৰ্যটনকৰ্মীক মোবাইল হেণ্ডছেট প্ৰদান কৰে। উল্লেখ্য যে নগাঁও জিলাৰ ৫ জন পৰ্যটনকৰ্মীক পৰ্যটন সাৰথি বঁটা প্ৰদান কৰে।কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰত টুৰিষ্ট গাইড তথা কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰক ব্লগিঙৰ জৰিয়তে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ডিম্পী মহন্তই ‘পৰ্যটন সাৰথি’ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজ হাতে পৰ্যটন সাৰথি বঁটা প্ৰদান কৰে ডিম্পী মহন্তক।ডিম্পীৰ সাফল্যই কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।অসম পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিভিন্ন সময়ত সহায়-সহযোগিতা আগবঢ়াই অহাৰ বাবেই এই বঁটা প্ৰদান কৰা হয়।
- Log in to post comments
- 97 views