কলিয়াবৰত পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী ৰিহন দৈমাৰীৰ

Pic

কলিয়াবৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে আধাৰশিলা স্থাপন কৰে ২১.৪৮ কোটি টকীয়া পানী যোগান আঁচনিৰ।যোৱা ১৫ ফেব্ৰুৱাৰীত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত 'বৃহত্তৰ জখলাবন্ধা পানী যোগান আঁচনি'ৰ আধাৰশিলা স্থাপন কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে।

২ দশমিক ৫০ লাখ লিটাৰ পৰিমাণ পানী সংৰক্ষণ কৰিব পৰাকৈ মাটিৰ তলত দুটা টেংকী আৰু ১২ লাখ লিটাৰ পানী সংৰক্ষণ কৰিব পৰাকৈ মাটিৰ ওপৰত দুটা টেংকী নিৰ্মাণ কৰা হ'ব 'বৃহত্তৰ জখলাবন্ধা পানী যোগান আঁচনি'ত। প্ৰায় ৩৮ কিলোমিটাৰ দূৰত্বলৈ প্ৰতিটো পৰিয়াললৈ বিশুদ্ধ পানী যোগান ধৰা হ'ব এই বৃহৎ পানী যোগান আঁচনিখনৰ দ্বাৰা।

আগন্তুক দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা হ'ব জখলাবন্ধাৰ এই বৃহৎ পানী যোগান আঁচনিখন। অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জখলাবন্ধাৰ পুৰণি পানী যোগান আঁচনিখন নতুনকৈ পুনৰ নিৰ্মাণ হ'বলগীয়া বৃহৎ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰি সোণোৱাল চৰকাৰৰ উন্নয়নৰ কথা দোহাৰে মন্ত্ৰী দৈমাৰীয়ে।

Your Comments