হাজো-নলবাৰী বিধ্বস্ত পথ মেৰামতিৰ দাবীত 'আছু'ৰ পথ অৱৰোধ:মুখ্য অভিযন্তা,লোকনিৰ্মাণ মন্ত্ৰীলৈ স্মাৰকপত্ৰ

Pic

বিশেষ প্ৰতিবেদক,হাজো:

নামনি অসমৰ সবাতোকৈ ব্যস্ত ৰাজধানী চহৰ গুৱাহাটী সংযোগী হাজো-নলবাৰী পথৰ কালিতাকুছি চ'কৰ পৰা দমদমা-কুলহাটী বজাৰ চ'কলৈ প্ৰায় ৭ কি:মি:ৰ পথচোৱা সম্পূৰ্ণ বিধ্বস্ত হৈ পৰাত যাতায়ত অনুপযোগী হৈ পৰিছে। বিগত ছমাহত ইটোৰ পাছত সিটোকৈ অৰ্ধ শতাধিক দুৰ্ঘটনা সংঘটিত হোৱা সত্বেও ৰাজ্য চৰকাৰৰ বিয়াগোম লোকনিৰ্মাণ বিভাগটোৱে কোনো কাণসাৰ নিদিয়াৰ পৰিপ্ৰেক্ষিতত উক্ত পথছোৱা শীঘ্ৰেই মেৰামতিৰ লগতে হাজো অঞ্চলৰ অন্যান্য জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত হাজো "আছু"ৰ আহ্বান মৰ্মে কেইবাশ ছাত্ৰকৰ্মীয়ে দুঘন্টীয়া পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

তদুপলক্ষে উক্ত পথৰ হাজো-শাকতিবাৰী নতুন তেল ডিপোৰ সন্মুখত ১৫ ফেব্ৰুৱাৰীৰ দিনৰ ১১বজাৰ পৰা ০১ বজালৈ পথ অৱৰোধকাৰী প্ৰতিবাদকাৰীসকলে হাতে-হাতে প্লে'কাৰ্ড লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লেই লেই ছেই ছেই,বিধায়িকা সুমন হৰিপ্ৰিয়া মুৰ্দাবাদ, লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী মুৰ্দাবাদ আদি ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে।পথ অৱৰোধৰ ফলত হাজো-নলবাৰী গড়কাপ্তানি পথত হোৱা যান-জঁটত দুঘন্টা ধৰি যাতায়ত ব্যাহত হৈ পৰে।

ইফালে,পথ অৱৰোধ থলীত হাজোৰ চক্ৰ বিষয়া সুকন্যা বৰাসহ লোকনিৰ্মাণ বিভাগৰ কেইবাগৰাকী বিষয়া উপস্থিত হোৱাত হাজো আছুৰ বিষয়ববীয়াসকলে হাজো-নলবাৰী জৰাজীৰ্ণ পথৰ লগতে হাজো অঞ্চলৰ অন্যান্য ১০ তাকৈ জৰাজীৰ্ণ পথ অতি শীঘ্ৰে মেৰামতি নকৰিলে ৰাইজৰ সহযোগত জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে আৰু তেওঁলোকে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই উন্নয়নৰ ক্ষেত্ৰত নীৰৱ ভূমিকা লোৱাৰ অভিযোগ উত্থাপন কৰে।

হাজোৰ চক্ৰ বিষয়া আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলে আছুৰ দাবী পূৰণৰ আশ্বাস দিয়াৰ পাছতে পথ অৱৰোধ তুলি লোৱাত পুনৰ পথটোৰে যাতায়ত সুচল হৈ পৰে।আনহাতে,পথ অৱৰোধ থলীতে উপৰি উক্ত দাবী সম্বলিত তথা হাজো আছুৰ সভাপতি নৱজ্যোতি দাস আৰু সম্পাদক তপন দাস স্বাক্ষৰিত এক স্মাৰকপত্ৰ হাজোৰ চক্ৰ বিষয়াৰ জৰিয়তে অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা আৰু লোকনিৰ্মাণ মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Your Comments