*বেলতলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগিতা*
সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ অন্যতম শাখা বেলতলা কবি সন্মিলনৰ উদ্যোগত আৰু বেলতলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত বেলতলা মহাবিদ্যালয়ত যোৱা ১৩ ফেব্ৰুৱাৰীত 'ফাগুন আৱাহন' শীৰ্ষক এখন কবি সন্মিলন অনুষ্ঠিত কৰা হয়।বেলতলা কবি সন্মিলনৰ সম্পাদক গীতা চহৰীয়াই আৰম্ভণি কৰা উক্ত কবি সন্মিলনত সভাপতিত্ব কৰে বেলতলা কবি সন্মিলনৰ সভাপতি মৃণাল কুমাৰ বৰাই।কবি সন্মিলনত পোন প্ৰথমে উদ্ধোধনী আৰু আদৰণী ভাষণ আগবঢ়ায় বেলতলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত বৰকটকী আৰু মহাবিদ্যালয়ৰে অসমীয়া বিভাগৰ অধ্যাপক ড° মৃগেন্দ্ৰ নাথ শমাই।
কবি সন্মিলনত উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপ-সভাপতি মনজিৎ সিং,বিশিষ্ট অনুবাদক তথা সাহিত্য অকাডেমিৰ অনুবাদ বঁটাপ্ৰাপক বিপুল দেউৰী,বিশিষ্ট কবি-সমালোচক বিপুল শৰ্মা, কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সভাপতি নিবেদন দাস পাটোৱাৰী আৰু সাধাৰণ সম্পাদক মৌচুম বুঢ়াগোহাঁই।উল্লিখিত ব্যক্তিসকলে বিভিন্ন সুপৰামৰ্শ, কবিতাৰ সম্পৰ্কে গঠনমূলক ভাষণ আৰু কাব্যিক উত্তৰণৰ ক্ষেত্ৰত বিস্তৃত ব্যাখ্যা আগবঢ়াই সকলোকে আপ্লুত কৰে।কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি নিবেদন দাস পাটোৱাৰীয়ে উদ্ধোধন কৰা কবি সন্মিলনখনৰ সঞ্চালনা কৰে 'দৈনিক অসম' কাকতৰ সাংবাদিক তথা বিশিষ্ট কবি কুশল দত্তই।কবি সন্মিলনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাগৰাকীও নবীন-প্ৰবীন কবিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কবি মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, বৰ্ণালী ভৰালী, জোনমণি দাস, ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী, অংকুৰ ৰঞ্জন ফুকন, অনিন্দিতা কলিতা, সংগীতা মেধি, ড° চিত্তৰঞ্জন দাস,ভাস্কৰ জে নাথ, প্ৰাঞ্জল কলিতা,ড° শিখা বেজবৰুৱা গোস্বামী, দেৱৰাজ কলিতা, উত্তম কুমাৰ কলিতা, মন্দিৰা গগৈ, মৃণালিনী শইকীয়া, মৌচুমী বৰুৱা, কোকিল শইকীয়া, মনালিছা শৰ্মা, জোনালী মজুমদাৰ, আজিজুৰ ৰহমান শইকীয়া, শচীন্দ্ৰ ফুকন, বৰ্ষা নাথ কলিতা, মিণ্টুল হাজৰিকা, উৎপল ডেকা, অলকা মহন্ত বৰুৱা, মিনতি বৰুৱা, ছৈয়দা আঞ্জুম আৰা হুছেইন, ধনজিৎ তালুকদাৰ, হীৰামণি শৰ্মা উপমুন্য, বৰ্ণালী বৰা বৈশ্য, বন্তিৰীমা ফুকন শইকীয়া, লক্ষ্যহীৰা শইকীয়া, পিংকী কলিতা, মানসজ্যোতি ডেকা, গীতাৰ্থী গোস্বামী, জয়ামণি ডেকা, অঞ্জনা বৰ্মন, শেৱালী কলিতা, কবিতা গোস্বামী,ফুলজ্যোতি গোস্বামী, দীপিকা খাউণ্ড, বৰ্ণালী নেওগ, দেৱজিৎ ভট্ট,জ্যোতিৰ্ময় কলিতা, হিমাদ্ৰী কুমাৰ শৰ্মা,ড° মৃগেন্দ্ৰ নাথ শৰ্মা, আৰতি দেৱী, সম্পূৰ্ণা শৰ্মা, গীতা চহৰীয়া, মৃণাল কুমাৰ বৰা, সঞ্চালক কুশল দত্ত প্ৰমুখ্যে প্ৰায় তিনিকুৰি কবিয়ে স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তোলে।
শেষত সভাপতি বৰাৰ সামৰণী ভাষণেৰে তথা কাব্য মন্ত্ৰ পাঠ কৰি কবি সন্মিলনখন আনুষ্ঠানিকভাৱে সমাপ্ত কৰা হয়।
- Log in to post comments
- 27 views