ঘগ্ৰাপাৰত ২৬ ফেব্ৰুৱাৰীত সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনীৰ "শ্বহীদ মণিৰাম দেৱান স্মৃতি দিৱস" পালন

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৪ ফেব্ৰুৱাৰীঃ

সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনী,নলবাৰী জিলা সমিতিৰ উদ‍্যোগত আৰু ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সহযোগত নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত হৰিমন্দিৰৰ বাকৰিত অহা ২৬ ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে সংগঠটোৰ কেন্দ্ৰীয় কাৰ্যসূচী "শ্বহীদ মণিৰাম দেৱান স্মৃতি দিৱস" পালনৰ লগতে কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি আৰু বিষয় বাচনি সভা (সাধাৰণ পৰিষদ)বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰাৰ ব‍্যাপক প্ৰস্তুতি চলিছে বুলি সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সভাপতি সৰ্বেশ্বৰ কলিতা আৰু সাধাৰণ সম্পাদক ভুৱনেশ্বৰ কলিতা,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি শৈলেন তালুকদাৰ আৰু সাধাৰণ সম্পাদক কংকন ডেকাই জানিবলৈ দিয়ে।কাৰ্যসূচী অনুসৰি সিদিনাখন পুৱা ৯ বজাত পতাকা উত্তোলনৰে কাৰ্যসূচী মুকলি কৰিব কেন্দ্ৰীয় সমিতিৰ সভাপতি ড: ভৱেন চন্দ্ৰ কলিতাই।ইয়াৰ পিছতে শ্বহীদ মণিৰাম দেৱানৰ প্ৰতিচ্ছবিত মাল‍্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰিব ক্ৰমে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ডাঃ ৰমেন কুমাৰ কাকতি আৰু নলবাৰী জিলা সমিতিৰ সভাপতি সৰ্বেশ্বৰ কলিতাই।

Pic

পুৱা ১০ বজাত বন্তি প্ৰজ্বলন কৰিব ৯ গৰাকী বিশিষ্ট ব‍্যক্তিয়ে।পুৱা ১০:৩০ বজাত স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰিব কেন্দ্ৰীয় সমিতিৰ সভাপতি ড: ভৱেন চন্দ্ৰ কলিতাই।দিনৰ ১১ বজাত কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভা (সাধাৰণ পৰিষদ )।সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ সামৰণি পৰিব।

Your Comments