বিশেষ প্ৰতিবেদক,হাজো,১৩ ফ্ৰেব্ৰুৱাৰী :
যোৱা বুধবাৰৰ পৰা নগাঁঁও জিলাৰ বামুণী গাঁঁৱৰ পৰা সন্ধানহীন হোৱা হাজোৰ টোক্ৰাদিয়াৰ কৃষ্ণ বৈশ্য নামৰ নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকৰ কৰ্মচাৰীগৰাকীৰ ক্ষত-বিক্ষত মৃতদেহ ৰাঙলু উপ-আৰক্ষী চকীৰ অন্তৰ্গত বামুণীৰ তপতজুৰিত উদ্ধাৰ হোৱাৰ পাছত আজি বিয়লি চাৰি বজাত মৃতদেহ নিজ গাঁঁও টোক্ৰাদিয়া আহি পোৱাৰ লগে লগে গাঁঁওখনত কান্দোনৰ ৰোল উঠে।
উল্লেখ্য যে কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত টোক্ৰাদিয়াৰ দিনা হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা যোগেশ বৈশ্যৰ একমাত্ৰ সন্তান কৃষ্ণ বৈশ্য (২৬)ই বিগত ৪ বছৰে নগাওঁ জিলাৰ কঠিয়াতলী শাখাৰ নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকত কৰ্মৰত হৈ আছিল।এদিনৰ বাবে মাঘৰ বিহুত ঘৰলৈ অহা কৃষ্ণ বৈশ্যই নিজ কৰ্মস্থানত কামৰ তাগিদাত পুনৰ কৰ্মত যোগদান কৰিছিল৷কঠিয়াতলী শাখাত কৰ্মৰত অতি সহজ-সৰল যুৱকগৰাকী অঞ্চলটোৰ মানুহৰ মাজত অতি জনপ্ৰিয় আৰু মৰমৰ আছিল।অইন দিনাৰ দৰে ১০ ফ্ৰেব্ৰুৱাৰীত প্ৰতিষ্ঠানটোৰ নিয়মীয়া কাম-কাজৰ বাবে পুৱাই কঠিয়াতলীৰ বামুণী অঞ্চললৈ ওলাই গৈছিল ৷ সিদিনাই নিশাৰ ভাগত পৰিয়াললৈ বৈশ্যৰ সহকৰ্মী এজনে কৃষ্ণ নিজৰ কোঠাত উপস্থিত নোহোৱাৰ কথা অৱগত কৰে ৷ তাৰ পিচৰেপৰা কৃষ্ণৰ মোবাইলত পৰিয়ালৰ লোকে যোগাযোগৰ চেষ্টা কৰে যদিও মোবাইল অফ পায়।ঘটনাৰ পিছ দিনা নিশা কৃষ্ণ বৈশ্যৰ পৰিয়ালে কঠিয়াতলী আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে ৷
অৱশেষত কালি দিনৰ ভাগত ৰাঙলী উপ-আৰক্ষী চকীৰ অন্তৰ্গত বামুণীৰ তপতজুৰিত ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় কৃষ্ণ বৈশ্যৰ মৃতদেহ ৷ ইয়াৰ পিছৰে পৰা গাওঁখনত এক শোকাকুল পৰিবেশে বিৰাজ কৰে। ইফালে, আজি নগাঁও অসামৰিক চিকিৎসালয়ত কৃষ্ণৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত নিজ গৃহ আহি পোৱাৰ লগে লগে অগণন গুণমুগ্ধ লোক আহি তেওঁৰ বাসগৃহত ভৰি পৰে আৰু শেষত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।
এই নৃশংস হত্যাকাণ্ডৰ খবৰ চাৰিওফালে বিয়পি পৰাত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান,ব্যক্তিয়ে বৈশ্যৰ ঘৰত উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটোক শান্তনা দিয়াৰ লগতে দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায়।
অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদীপ কলিতা,ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নেতা প্ৰবীন মেধি,হিন্দু সুৰক্ষা সেনাৰ নেতা টংকেশ্বৰ ডেকা উপস্থিত হৈ দোষীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ নোৱাৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে।তদুপৰি,এমট্ৰনৰ উপ-প্ৰৱন্ধক দিনমণি ভাণ্ডাৰকায়স্থ,সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰকাশ চন্দ্ৰ দাসে দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায়।
সন্ধিয়া অগণন গুণমুগ্ধৰ উপস্থিত স্থানীয় শ্মশানত শেষকৃত্য সম্পন্ন কৰে।
- Log in to post comments
- 16 views