বিশেষ প্ৰতিবেদক হাজো:
তীৰ্থনগৰী হাজোৰ শৈক্ষিক ক্ষেত্ৰত ১২ ফেব্ৰুৱাৰীৰ পৰা সংযোজন হ'ল এক নতুন অধ্যায়ৰ।আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰিলে হাজোৰ নতুন বজাৰৰ সমীপত দিল্লী পাব্লিক স্কুল জুনিয়ৰ শাখাৰ।মাংগলিক ৰীতি-নীতিৰে আধাৰশিলাৰ শুভাৰম্ভণি কৰে প্ৰকল্প বিষয়া চবীন চন্দ্ৰ দাসে।
ছহিদুল ইছলামে আঁঁত ধৰা অনুষ্ঠানত প্ৰকল্প বিষয়া চবীন চন্দ্ৰ দাসে কয় যে শিক্ষাৰ ক্ষেত্ৰত আজিৰে পৰা এক নতুন সংযোজন ঘটিল।ইয়াৰ জৰিয়তে হাজোৰ ছাত্ৰ-ছাত্ৰীসকলে উপযুক্তভাৱে শিক্ষা গ্ৰহণ কৰি প্ৰতিযোগিতাৰ ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰিব।
অনুষ্ঠানত অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে কয়,হাজোৰ শৈক্ষিক ক্ষেত্ৰখন আগবঢ়াই নিয়াৰ বাবে বহুদিনৰ পৰাই পৰিকল্পনা আছিল।ছাত্ৰ-ছাত্ৰীসকলক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰাৰ বাবে এনে প্ৰচেষ্টা হাতত লোৱা হৈছে।স্কুলখনত খেল -ধেমালি,অভিভাৱকৰ জিৰণি কোঠাৰ লগতে নৃত্য-গীতৰ আচুতীয়া সা-সুবিধা প্ৰদান কৰা হ'ব।
এই শুভ উদ্বোধনী অনুষ্ঠানত হাজো ৰাইজ সমিতিৰ সভাপতি গোলোক ওজা,জাতীয় পৰিষদৰ নেতা ৰমনী মালাকাৰ,যুৱ নেতা জীতেন্দ্ৰ ভৰালী,ডিপিএচৰ জুনিয়ৰ নৰ্থ ইষ্টৰ মুখ্য ফ্ৰেনচাইজী অৰ্পিত চিগচী,ওহেদুৰ ৰহমান,জাৰিফ আহমেদকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।
- Log in to post comments
- 16 views