#নুৰুল ইছলাম,চানডুবিঃ
ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত পিছপৰা অঞ্চল হ’ল ২নং ভেৰভেৰী।অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলটোৰ ৰাইজে যুগ- যুগান্তৰৰ বিভিন্ন সমস্যাত ককবকাই আহিছে ৷ পিছে অঞ্চলটোৰ ৰাইজে শিক্ষা লাভৰ হেতু ১৯৮২ চনতেই ২নং ভেৰভেৰী প্ৰাথমিক বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল ৷ ৰাইজে জানিবলৈ মতে সুদীৰ্ঘ বছৰ ধৰি উক্ত অপ্ৰাদেশীকৃত বিদ্যালয়খনত দুজনকৈ শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰি আহিছিল ৷ কিন্তু অলপতে উক্ত শিক্ষক দুগৰাকীক পদ প্ৰাদেশীকৰণৰ আওতাৰে অন্য বিদ্যালয়ত নিযুক্তি প্ৰদান কৰা বুলি উল্লেখ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷
ছয়গাঁও শিক্ষা খণ্ডৰ অধীনৰ উক্ত বিদ্যালয়খনে বহু বছৰ ধৰি মধ্যাহ্ন ভোজন,ইউনিফৰ্ম তথা গৃহকে ধৰি যাৱতীয় সা-সুবিধা পাবলৈ সক্ষম হৈছে ৷ কিন্তু প্ৰায় অৰ্ধশতাধিক ছাত্ৰ- ছাত্ৰীয়ে অধ্যয়ন কৰি থকা বিদ্যালয়খনৰ দুয়োগৰাকী শিক্ষককে অইন ঠাইত নিযুক্ত কৰাত উক্ত বিদ্যালয়খন সম্প্ৰতি শিক্ষকবিহীন হৈ পৰাটোৱে ৰাইজক উদ্বিগ্ন কৰি তুলিছে ৷
ইফালে, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অৰ্জুন ৰাভা তথা ৰাইজ গয়ৰহৰ সভাপতি পৱিত্ৰ ৰাভাকে ধৰি অঞ্চলটোৰ পুৰুষ-মহিলাসকল ৰাজহুৱাকৈ মিলিত হৈ উক্ত কাৰ্যৰ বিৰোধিতা কৰিছে ৷ আনকি, উক্ত বিদ্যালয়খন ভোট কেন্দ্ৰ হিচাপেও ব্যৱহাৰ হৈ অহাৰ পিছতো আজি ইমান বছৰে বিদ্যালয়খন প্ৰাদেশীকৰণ নোহোৱাত আশ্চৰ্য প্ৰকাশ কৰে স্থানীয় গঞাই ৷
আনহাতে, অতি পিছপৰা অঞ্চলটোৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত্বতহে প্ৰাথমিক বিদ্যালয় থকা বুলি উল্লেখ কৰে ৷ কিন্তু কুলশী নৈখনৰ পাৰৰ অতি বিপদসংকুল পথচোৱাৰে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ পঠিওৱাটো সম্ভৱ নহয় বুলিও কয় গঞা ৰাইজে ৷ তেনেক্ষেত্ৰত কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা লাভৰ স্বাৰ্থত ঊৰ্ধতন কৰ্তৃপক্ষক অতিশীঘ্ৰে সুব্যৱস্থা গঢ়ি তোলাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে অঞ্চলবাসীয়ে ৷
- Log in to post comments
- 25 views