মৃণাল ডেকা,শুৱালকুছি,১০ ফেব্ৰুৱাৰী:
ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অধীনষ্ঠ গাহৰি গৱেষণা কেন্দ্ৰ, ৰাণীৰ উদ্যোগত "ট্ৰাইবেল চাব প্লেন"ৰ অধীনত আজি কামৰূপৰ বংশৰ সানপাৰা বড়ো চুপা বুঢ়া বাথৌ নামঘৰ প্ৰাংগণত বিজ্ঞানসন্মতভাৱে উন্নত জাতৰ গাহৰি পালন সন্দৰ্ভত গাহৰি পালকসকলৰ মাজত বিনামূলীয়া দানা বিতৰণ আৰু এটা সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়৷ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অধীনষ্ঠ ৰাণীস্থিত ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ গ্ৰামোন্নয়ণ বিভাগৰ সহকাৰী অধ্যক্ষ লক্ষ্মী নাৰায়ণ দে'ই আদৰণি ভাষণ দিয়াৰ লগতে সজাগতা সভাৰ আঁত ধৰে৷ ৰাণীস্থিত ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড° কল্যাণ দে'ই অতিথি হিচাপে উপস্থিত থাকি ট্ৰাইবেল চাব প্লেনৰ অধীনত জনজাতি বসতি প্ৰধান অঞ্চলত বাস কৰা জনজাতি লোকসকলে উন্নত জাতৰ গাহৰি পালন,গাহৰিৰ স্বাস্থ্য ৰক্ষা তথা সঠিক দানা খুৱাই অধিক উৎপাদনেৰে লাভৱান হোৱা সন্দৰ্ভত ভাৰত চৰকাৰে প্ৰদান কৰা সুবিধা সন্দৰ্ভত গাহৰি পালকসকলক বুজাই দিয়ে৷
তেওঁ কয় যে গাহৰি পালকসকলে ভাৰত চৰকাৰে আগবঢ়োৱা এই সুবিধাৰ জৰিয়তে স্বাবলম্বী হ'ব পাৰিব আৰু গ্ৰাম্য অৰ্থনীতিৰ দিশটোও সবল হ'ব।গাহৰি পালন সম্পৰ্কত ৰাইজক ৰাণীস্থিত ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিবলৈ তেওঁ আহ্বান জনায়।এই শিবিৰত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ ৰাণীস্থিত ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড° জোৱাৰ দলে,ড° এছ জয় চিত্ৰা দেৱী আদিয়ে স্থানীয় গাহৰি পালকসকলৰ উদ্দেশ্য কৰি বক্তব্য আগবঢ়ায়।
আনহাতে,এই সজাগতা সভাতেই ট্ৰাইবেল চাব প্লেনৰ অধীনত জনজাতি গাহৰি পালকসকলৰ মাজত উন্নত মানৰ গাহৰি দানা বিতৰণ কৰা হয় ৷ এই দানা ব্যৱহাৰ কৰাৰ ফলত গাহৰিবিলাক ৰোগ-ব্যাধিৰ পৰা মুক্ত হৈ থকাৰ উপৰিও প্ৰতিটো গাহৰিৰ ওজন ৮০ ৰ পৰা ১২০ কিল’গ্ৰামলৈ বৃদ্ধি হয় বুলি সভাত গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে জানিবলৈ দিয়ে৷
- Log in to post comments
- 28 views