হাজোৰ কুলহাটীত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন সম্পন্ন

বিশেষ প্ৰতিবেদক,হাজো,৭ ফেব্ৰুৱাৰী: হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত দুটাকৈ মণ্ডল ক্ৰমে হাজো আৰু উত্তৰ হাজো মণ্ডলৰ বুথ সমিতিৰ সভাপতি-সম্পাদক তথা শক্তি পৰিষদৰ পৃষ্ঠা প্ৰমুখসকলৰ এখন দলীয় সভা আজি হাজোৰ কুলহাটী দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায়। হাজো বিধানসভা সমষ্টিৰ প্ৰভাৰী দীনেশ মহন্তই সভাত পৃষ্ঠাপ্ৰমুখসকলৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে সদৰি কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ সময়ত গ্ৰহণ কৰিব লগীয়া ভূমিকা সম্পৰ্কে অৱগত কৰে। ইয়াৰ পিছতে ৰাজ্যিক উপ-সভাপতি বিজয় গুপ্তাই পৃষ্ঠা প্ৰমুখ তথা দলীয় নেতা-কৰ্মীক উদ্দ্যেশি কয়, যিটো কাৰণত পৃষ্ঠা প্ৰমুখসকলক নিযুক্ত কৰা হৈছিল,সেই অনুপাতে ভবা অনুসৰি উদ্দেশ্য পূৰণ হোৱাতো পৰিলক্ষিত হোৱা নাই। সম্প্ৰতি ৰাজ্যখনত অনেক দলৰ আৱিৰ্ভাৱ হৈছে। তেনে সময়তো কিন্তু বিজেপি দলটো এটা সন্মানজনক প্ৰদৰ্শন আগবঢ়োৱা এটি সেৱা প্ৰকল্পলৈ পৰিণত হৈছে। বিজেপিৰ দৰ্শনেই হৈছে একাত্মতা আৰু মানৱতাবাদ।দলটোৱে মূল্যবোধৰ আধাৰতহে সমাজ গঢ়িব বিচাৰে। প্ৰসংগক্ৰমে তেওঁ পুনৰ কয়,দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা,দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস তথা ময়ো একো-একো গৰাকী পৃষ্ঠা প্ৰমুখ। বিজেপি দলত পৃষ্ঠা প্ৰমুখ হ'ব নোৱাৰিলে নেতা হোৱাৰ অধিকাৰ কাৰোৱে নাই। বিধায়িকা সুমন হৰিপ্ৰিয়াই ভাষন প্ৰসংগত কয়, কংগ্ৰেছৰ দৰে আমি সূতা-কম্বলৰ ৰাজনীতি কৰা নাই। আমাৰ দলৰ প্ৰচেষ্টাত এতিয়া আত্মসহায়ক গোটসমূহে তেনেদৰে সূতা-কম্বল বিলাবলৈ সমৰ্থ হৈছে। এই সন্মিলনত পৰ্যটন বিভাগৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা, ৰাজ্যিক সদস্য ৰাতুল শৰ্মা, জিতেন্দ্ৰ পাটোৱাৰী, নিবাৰন লহকৰ, ৰমনী মালাকাৰ, তিলক শৰ্মা, নৱজ্যোতি দাস, ৰমেশ কলিতা(সৰু),নগেন মালাকাৰ, বিপুল দাসকে ধৰি কেইবাগৰাকীও দলীয় নেতা-কৰ্মী উপস্থিত থাকে। এই সন্মিলনতে দ্বীজেন্দ্ৰ মোহন শৰ্মাক পৃষ্ঠা প্ৰমুখৰ প্ৰমাণপত্ৰ প্ৰদান কৰে।

Your Comments