২০০ বছৰৰ পিছত পৃথিৱীৰ একেবাৰে কাষলৈ আহিব আটাইতকৈ ডাঙৰ আৰু দ্ৰুততম গ্ৰহাণু

Pic

সকলো ঠিকে থাকিলে এই বছৰৰ ২১ মাৰ্চত পৃথিৱীৰ দিশে আহিব এটা বৃহৎ গ্ৰহাণু।বিজ্ঞানীয়ে কোৱা মতে, এই গ্ৰহাণু সম্ভৱত: সকলোতকৈ ডাঙৰ আৰু দ্ৰুততম গ্ৰহাণু। ২০০ বছৰৰ পিছত ই পৃথিৱীৰ একেবাৰে কাষলৈ আহিব। নাছাৰ তৰফৰ পৰা গ্ৰহাণুটোৰ নাম দিয়া হৈছে  Asteroid 2001 FO32। “Earth Sky”ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, প্ৰতি ছেকেণ্ডত ২১ মাইল গতিত আহিবলৈ ধৰিছে গ্ৰহাণুটো। সেই হিচাপত ২১ মাৰ্চত পৃথিৱীৰ একেবাৰে কাষলৈ আহিব। 

এই  2001 FO32 গ্ৰহাণুৰ ডায়ামিটাৰ হ'ব ১ কিলোমিটাৰ। ২১ মাৰ্চৰ নিশা ৯.৩০ বজাত দেখা যাব গ্ৰহাণুটোক। কিন্তু কাষলৈ আহিলেও পৃথিৱীৰ পৰা প্ৰায় ১.৩ মিলিয়ন মাইল দূৰত থাকিব ৷ আকাৰ-আকৃতিত ডাঙৰ হ'লেও খালী চকুৰে দেখা নাযাব পাৰে গ্ৰহাণুটো। 

বিজ্ঞানীৰ অনুমান, অহা ২১ মাৰ্চৰ পিছত আকৌ ৩১ বছৰৰ পিছত অর্থাৎ ২০৫২ চনৰ ২২ মাৰ্চত পুনৰ দেখা যাব পাৰে Asteroid 2001 FO32ক। Asteroid 2001 FO32ৰ আছে এক ইতিহাস।  প্ৰথমবাৰলৈ ২০০১ চনৰ ২৩ মাৰ্চত এই গ্ৰহাণুটোক আৱিষ্কাৰ কৰিছিল Lincoln Near-Earth Asteroid Research-এ।  সেই সময়ত জনোৱা হৈছিল যে, প্ৰতি ৮১০ দিন নিজ কক্ষপথত সূৰ্যক পদক্ষিণ কৰে এই গ্ৰহাণুৱে।

Your Comments