তীৰ্থনগৰী হাজোত সমাজকৰ্মী দুলু আহমেদৰ এম্বুলেন্স সেৱা মুকলি

Pic

"হাজোত সাম্প্ৰদায়িক বিষবাষ্প নাথাকিব"

#বিশেষ প্ৰতিবেদক,হাজো,৫ ফেব্ৰুৱাৰী:

তীৰ্থনগৰী হাজোৰ পোৱামক্কা দৰগাহ শ্বৰীফ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰৰ তীৰ্থযাত্ৰীৰ লগতে ৰাইজৰ সুবিধাৰ্থে আজি দিনৰ ১১ বজাত সমাজকৰ্মী তথা অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে ব্যক্তিগতভাৱে এক বিশেষ এম্বুলেন্স সেৱা মুকলি কৰে।এম্বুলেন্স সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ দলৈ শিৱ প্ৰসাদ শৰ্মা আৰু পোৱামক্কা দৰগাহৰ খাদীম তৌফিক হুছেইনে।এম্বুলেঞ্চ সেৱা মুকলি কৰি পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ দলৈ শিৱ প্ৰসাদ শৰ্মাই কয়-অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে হাজোলৈ দেশ- বিদেশৰ পৰা তীৰ্থ ভ্ৰমণ কৰিবলৈ অহা তীৰ্থ যাত্ৰীসকলৰ অকস্মাৎ কিবা দুৰ্ঘটনা হ'লে চিকিৎসালয়লৈ নিয়াৰ এটা সু-ব্যৱস্থা কৰি দিয়াৰ লগতে হাজোৰ এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিলে।দুলু আহমেদৰ এই প্ৰচেষ্টাক শলাগ লৈ পৰৱৰ্তী সময়তো হাজোৰ উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় দলৈগৰাকীয়ে। ইয়াৰ পূৰ্বে পোৱামক্কা দৰগাহ শ্বৰীফত দোৱা কৰি মাধৱ মন্দিৰত পূজা-অৰ্চনাৰো আয়োজন কৰা হয়।এম্বুলেন্স সেৱা মুকলি অনুষ্ঠানত সমাজকৰ্মী তথা অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে একাংশ লোকে হাজোবাসী ৰাইজক ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে ভাগ-ভাগ কৰিবলৈ বিচৰা বুলি উল্লেখ কৰি হাজোৰ পৰা সাম্প্ৰদায়িক বিষবাষ্প আতৰোৱাই এটা সুস্থ বাতাৱৰণ সৃষ্টি কৰা হ'ব বুলিও ভাষণত প্ৰকাশ কৰে।তেওঁ তীৰ্থযাত্ৰীসকল এই এম্বুলেন্স সেৱাৰ জৰিয়তে উপকৃত হ'ব বুলি দৃঢ়তাৰে মন্তব্য কৰি আগন্তুক দিনত হাজো সমষ্টিৰ ৰাইজৰ সুবিধাৰ্থে আৰু তিনিখন এম্বুলেন্সৰ সেৱা আগবঢ়াব বুলি জানিবলৈ দিয়ে।

Pic

দলৈ শিৱ প্ৰসাদ শৰ্মাই অসম জাতীয় পৰিষদৰ পতাকা জোকাৰি এম্বুলেন্স সেৱা মুকলি কৰা অনুষ্ঠানত যুৱ নেতা জীতেন্দ্ৰ ভৰালী, ৰমনী মালাকাৰ, বাবুল মজুমদাৰ,পুতুলী মহন্ত, ছাহিদ চান হককে ধৰি শতাধিক নাগৰিক উপস্থিত থাকে।

Pic

Your Comments