নলবাৰীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিমূৰ্তি দাহ কাৰ্য্যসূচী ৰূপায়ণ

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৫ ফেব্ৰুৱাৰীঃ

আজি নলবাৰী চহৰৰ মাজমজিয়াৰ জৈন মন্দিৰ চ'কত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল,ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্র প্ৰতিবাদ সাব্যস্ত কৰে।ইফালে,অতি সোনকালে যদি এইসমূহ সামগ্ৰীৰ মূল্য হ্ৰাস নকৰে,তেন্তে অসম জাতীয়তাবাদী যুব-ছাত্ৰ পৰিষদে ভয়ংকৰভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷ইফালে, বিভিন্ন শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে।

Your Comments