জলবায়ু পৰিৱৰ্তনে ধ্বংস কৰিছিল মধ্য এছিয়াৰ সভ্যতাক

Pic

ইতিহাসত স্থিৰ সত্য বুলি একো নাই। নতুন নতুন গৱেষণাত বাৰে বাৰে সলনি হয় তথ্য। তেনেকুৱাই সলনি হোৱা এক তথ্য পোহৰলৈ আহিছে। গৱেষণাৰ নতুন তথ্য অনুসৰি জানিবলৈ পোৱা গৈছে, জেঙ্গিজ খান নহয়, মধ্য এছিয়াৰ  সভ্যতা ধ্বংসৰ বাবে দায়ী জলবায়ুৰ পৰিৱর্তন।

ইমান দিনে ইতিহাসত পঢ়িবলৈ পোৱা গৈছিল যে, ত্রয়োদশ শতিকাৰ প্রথম ভাগত দক্ষিণ কাজাখাস্তান,উজবেকিস্তান আৰু কিৰগিজস্তানৰ প্রাচীন সভ্যতা ধ্বংসৰ (Central Asia’s medieval river civilizations) বাবে দায়ী মোগল অধিপতি জেঙ্গিজ খান (Genghis Khan)। কিন্তু সাম্প্রতিক গৱেষণাই অন্য এক ইতিহাস পোহৰলৈ আনিছে। ইংলেণ্ডৰ লিঙ্কন বিশ্ববিদ্যালয়ৰ (University of Lincoln, UK) গৱেষক আৰু পৰিৱেশ বিজ্ঞানীসকলে কৈছে যে জেঙ্গিজ খানৰ আক্রমণ নহয়,এই অঞ্চলৰ জনবসতি আৰু সভ্যতা ধ্বংস হ’ল জলবায়ু পৰিৱর্তনৰ ফলতেই।

মধ্য এছিয়াৰ আমু ডাৰিয়া (Amu Darya)আৰু চিৰ ডাৰিয়া (Syr Darya) নদীৰ পলসেৰে গঠিত উর্বৰ ভূমিত এই সভ্যতা আৰু জনবসতিয়ে গঢ় লৈ উঠিছিল। এতিয়া নতুন গৱেষণাৰপৰা জানিবলৈ পোৱা গৈছে যে, ত্রয়োদশ শতিকাত এই অঞ্চলত জলবায়ুৰ ব্যাপক পৰিৱর্তন হয়। ফলত সকলো নদী শুকাই যায়। সেই বাবেই ইয়াৰ বাসিন্দাসকলে এই স্থান পৰিত্যাগ কৰিছিল।

নদী-ইতিহাস বিশেষজ্ঞ মার্ক মেকলিনৰ(Mark Macklin)মতে, এই সভ্যতাই সপ্তম আৰু অষ্টম শতাব্দীৰ আৰৱীয় আক্রমণ সহজেই চম্ভালি লৈছিল ৷ আক্রমণ বন্ধ হোৱাৰ পিছত যুদ্ধৰ সময়ত পলাই যোৱা বাসিন্দাসকল পুনৰ সেই অঞ্চললৈ ঘুৰি আহিছিল। প্ৰকৃততে তেতিয়াও অঞ্চলটো অতি উর্বৰ আছিল। কিন্তু ১৩ শতিকাৰ পিছত সেই উৰ্বৰতা টিকি থকা নাছিল । তেতিয়াৰপৰাই নদীসমূহ শুকাই যাবলৈ আৰম্ভ কৰাৰ লগতে মাটিৰ উর্বৰতা কমি যায়।ফলত লাহে লাহে তাত বাস কৰা জনসাধাৰণৰ খাদ্য সামগ্ৰীৰ নাটনি হ’বলৈ ধৰে।তেনেদৰেই তাত মানৱ সভ্যতাৰো জীৱন কাল টুটি আহি নিচিহ্ণ হৈ পৰে৷

Your Comments