দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
অসম চৰকাৰৰ 'ভাষা গৌৰৱ আঁচনি'ৰ অন্তৰ্ভুক্ত 'লেখক সম্বৰ্ধনা অনুষ্ঠান'ত নলবাৰী কাজিপাৰা নিৱাসী নিপজ্যোতি মেধিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। যোৱা ১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত নান্দনিক সভাখনত মেধিয়ে সম্বৰ্ধনা গ্ৰহণ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ পৰা।উক্ত সম্বৰ্ধনাৰ লগত আছে পঞ্চাশ হাজাৰ টকাৰ আৰ্থিক অনুদান আৰু এখন মানপত্ৰ।
১৯৯৯ চনৰ ২০ মে’ত দৈনিক অসমত প্ৰকাশিত কবিতা এটিৰ জৰিয়তে নিপজ্যোতি মেধিয়ে সাহিত্য জগতত আত্মপ্ৰকাশ কৰি ইতিমধ্যে গল্প,কবিতা,জীৱনী,প্ৰৱন্ধৰ ডেৰকুৰিখন গ্ৰন্থ ৰচনা কৰাৰ উপৰিও কেইবাখনো গ্ৰন্থৰ নিপজ্যোতি মেধিয়ে সম্পাদনা কৰিছে।
বৰ্তমান তেওঁৰ সম্পাদনাত 'সন্ধান' নামৰ মাহেকীয়া কাকত এখনো প্ৰকাশ পাই আছে।উল্লেখ্য যে নিপজ্যোতি মেধি সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি প্ৰয়াত ৰোহিনী মেধি আৰু কৃতী শিক্ষয়িত্ৰী গিৰিজা মেধিৰ জ্যেষ্ঠ পুত্ৰ।
অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মেধিৰ এই খবৰে নিজ জন্মভূমি শিয়ালমাৰী গাঁঁৱত আনন্দৰ বন্যা বোৱাইছে।লগতে বিভিন্ন দল- সংগঠনে তেওঁক অভিনন্দন জনাইছে।
- Log in to post comments
- 27 views