বিশেষ প্ৰতিবেদক,হাজো:
ৰাজ্য চৰকাৰৰ ২০১৭-১৮ বৰ্ষৰ আনটাইড ফাণ্ডৰ পঁচিশ লাখ টকা ব্যয় সাপেক্ষে হাজোৰ ভৰালীটোলাত নিৰ্মাণ কৰা লৌহমানৱ বিষ্ণুৰাম মেধি বহুমুখী সাংস্কৃতিক প্ৰকল্পটো(মাল্টি পাৰপোজ কালচাৰেল কমপ্লেক্স)যোৱা ৩ ফেব্ৰুৱাৰীত ৰাইজৰ বাবে বিধায়িকা সুমন হৰিপ্ৰিয়াই আনুষ্ঠানিকভাৱে মুকলি কৰে।
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্টুপীয়া এখন সভায়ো অনুষ্ঠিত কৰা হয়।বিষ্ণুৰাম মেধি শিশু কল্যাণ ভৱন সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ সম্পাদক দ্বীজেন ভৰালীয়ে আঁঁত ধৰা সভাত বিধায়িকা সুমন হৰিপ্ৰিয়াই কয়, হাজোবাসী ৰাইজে দীৰ্ঘদিন ধৰি হাজোত এটা সমূহীয়া সাংস্কৃতিক প্ৰকল্পৰ অভাৱ অনুভৱ কৰি আহিছিল যদিও এতিয়াৰে পৰা এই অভাৱ পূৰণ হ'ল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে বিগত চাৰে-চাৰি বছৰীয়া কাৰ্যকালত অসমৰ ৰাইজৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে যথেষ্ট কৰা বুলি উল্লেখ কৰি বিগত কংগ্ৰেছ চৰকাৰৰ পোন্ধৰ বছৰতো হোৱা নাছিল বুলি কংগ্ৰেছ দলক কটাক্ষ কৰে।তেওঁ হাজোত লৌহমানৱ বিষ্ণুৰাম মেধিৰ আৱক্ষ মূৰ্তি স্থাপনৰ পোষকতা কৰি তেওঁৰ নামেৰে উন্নত পুথিভঁৰাল স্থাপন কৰাত গুৰুত্ব আৰোপ কৰে।অনুষ্ঠানত উন্নয়ন সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰীপ্ৰকাশ দসে হাজোৰ লৌহ পুৰুষগৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ ক্ষেত্ৰত আগবঢ়োৱা অনুদানৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিধায়িকা সুমন হৰিপ্ৰিয়াক কৃতজ্ঞতা জনায়।
অনুষ্ঠানত জ্যেষ্ঠ বিজেপি নেতা হৰেকৃষ্ণ ভৰালী,মোহন চন্দ্ৰ মালাকাৰ, ভৱেশ দাস,টুটুমণি দাস,জিলি দাস,বিজেপি নেতা ভাস্কৰ ভৰালী আৰু হাজোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
- Log in to post comments
- 9 views