নলবাৰীত ভাৰতীয় ষ্টেট বেংকৰ বিশাল ঋণ মেলাত নাবাৰ্ডৰ অধ্যক্ষ ড: জি আৰ চিন্তালা

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

ভাৰতীয় ষ্টেট বেংকে নলবাৰী নাট্য মন্দিৰত ২ ফেব্ৰুৱাৰীত আয়োজন কৰা বিশাল ঋণ মেলাত সুদুৰ মুম্বাইৰ পৰা আহি উপস্থিত থাকে নাবাৰ্ডৰ অধ্যক্ষ ড: জি আৰ চিন্তালা। নাবাৰ্ডৰ অধ্যক্ষ ড: জি আৰ চিন্তালাই ভাষণ প্ৰসংগত কয়- নলবাৰীত ই-শক্তি প্ৰকল্প আছে।তেওঁ কয় যে গ্ৰাম্য উন্নয়নৰ বাবে বেংকৰ ঋণ লওক কাম কৰক, আৰু ঋণ উভতাই দিয়ক। মহিলাই ঋণ লৈ উৎপাদনৰ কামত ব্যৱহাৰ কৰি ঋণ উভতাই দিয়ে আৰু কৃষকসকলেও ঋণ লৈ উৎপাদনৰ কামত ব্যৱহাৰ কৰি ঋণ উভতাই দিয়ে। কৃষি প্ৰধান দেশ ভাৰতবৰ্ষ। গতিকে আত্মনিৰ্ভৰ কৃষক, আত্মনিৰ্ভৰ মহিলা আৰু তেনেকৈয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আত্মনিৰ্ভৰ ভাৰতৰ সপোন পূৰণ হ'ব।তাৰ বাবেই এই বিশাল ঋণ মেলা।চিন্তালাই আৰু কয় যে এনেকুৱা অনুষ্ঠানত আহি সাধাৰণ লোকক লগ পাই তেওঁ আনন্দ অনুভৱ কৰে।

ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্ৰৱন্ধক আৰ এছ ৰমেশে ভাষণ প্ৰসংগত কয় শিশুৰ ভৱিষ্যৎ গঢ়া,উচ্চ শিক্ষা,কৃষকৰ উৎপাদন বা মহিলাৰ আত্ম নিৰ্ভৰশীলতা আদি কামত ষ্টেট বেংকে ঋণ আগবঢ়াই আহিছে।বেংকৰ সা-সুবিধা গ্ৰহণ কৰি আৰ্থিকভাৱে সকলো লোক স্বাধীন হওক আৰু দেশৰ উন্নয়নত অংশীদাৰ হবলৈ তেওঁ আহ্বান জনায়। নলবাৰী জিলাৰ উপায়ুক্ত পূৰৱী কোৱঁৰে কয় যে শস্য, ্শা্ক-পাচলি, ফলমূল আদি উৎপাদনত সফল নলবাৰী জিলা।উপায়ুক্তগৰাকীয়ে আৰু কয়--"জলসিঞ্চনৰ সুবিধা আছে নলবাৰী জিলাত।গতিকে নাবাৰ্ডৰ বিভিন্ন পৰ্যায়ৰ ৯ টা ৰাষ্ট্ৰীয় বঁটা নলবাৰীয়ে এই বছৰত পাইছে কৃষি খণ্ডত ।দুগ্ধ আৰু পশুপালনত আগবাঢ়া নলবাৰী। নাবাৰ্ডৰ সহায়ত আত্ম সহায়ক গোটক ঋণ প্ৰদান কৰা হৈছে নলবাৰীত। ধূপ , আচাৰ প্ৰস্তুত কৰা উদ্যোগ নলবাৰীত গঢ়ি উঠিছে।ঘৰে ঘৰে পুখুৰী,ঘৰে ঘৰে মাছ আঁচনিৰ অধীনত উপকৃত নলবাৰীৰ মীন পালক। কাঠফুলা নলবাৰীৰ পৰা ৰপ্তানি হয় চুবুৰীয়া দেশলৈ।মেগা ফুড পাৰ্ক নলবাৰীৰ টিহুত আছে।নলবাৰীৰ কৃষকক নাবাৰ্ডে সহায় কৰাৰ বাবে বেংক বিষয়াক ধন্যবাদ জনায় উপায়ুক্তগৰাকীয়ে। লগতে,নলবাৰী জিলা ভ্ৰমণ কৰাৰ বাবে নাবাৰ্ডৰ অধ্যক্ষক ধন্যবাদ জনায়।

ষ্টেট বেংকৰ বিষয়া সুৰঞ্জনা দত্তই কয় যে ষ্টেট বেংক আৰু নাবাৰ্ডে লগ হৈ আত্ম সহায়ক গোটক সহায়-সহযোগিতা আগবঢ়াই আহিছে।মহিলাসকলক ঘৰখন চলোৱাৰ লগতে আৰ্থিকভাৱে সবল কৰাৰ বাবে ঋণ আগবঢ়োৱা হৈছে। উচ্চ শিক্ষাৰ বাবে , কৃষি আদি কৰাৰ বাবে ঋণ প্ৰদান কৰা হয়।আজিকালি ডিজিটেল হৈছে সকলো । গতিকে এটা বেংকৰ ঋণ প্ৰদান তথ্য আন এটা বেংকত থাকে। সেয়েহে এটা বেংকৰ ঋণ লৈ পৰিশোধ নকৰিলে আন এটা বেংকে গম পাব। গতিকে,ঋণ লৈ পৰিশোধ কৰাটো দৰকাৰ। নলবাৰীৰ ১২০জন গাহৰি পালকক মঙলবাৰে ঋণ দিয়া হয় গ্ৰাম্য জীৱিকা মিছনৰ অধীনত। ফাৰ্মাৰ্চ প্ৰডিউচাৰ সংগঠন তিনিটাক ঋণ দিয়া হয়। নলবাৰীৰ ১০০০ জন হিতাধিকাৰীক ঋণ দিয়া হয় । বাক্সাৰ উপায়ুক্ত ৰঞ্জন শৰ্মায়ো বক্তব্য প্ৰদান কৰে। তেওঁ বাক্সা জিলাৰ কৃষকক বেংকসমূহে ঋণ সাহায্য দিবলৈ বেংক বিষয়াসকলক আহ্বান জনায়,যাতে কৃষি নিৰ্ভৰ জিলাখনে আন জিলাৰ লগত সমানে আগবাঢ়ি যাব পাৰে।

Pic

নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মায়ো ভাষণ দিয়ে।তেওঁ নিজৰ ঋণ লোৱাৰ অভিজ্ঞতাৰ বিচয়ে কয়। বেংকসমূহে অন্য এজন গ্ৰাহকৰ জমা থোৱা টকা আন লোকক দি সূত লৈ জনসাধাৰণৰে উন্নতিৰ বাবে কাম কৰি আহিছে।আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবৰ বাবে এই ঋণ আগবঢ়োৱা হৈছে। সভাত নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক শিৱ শংকৰ সাহাও উপস্থিত থাকে।

Your Comments