ওদালগুৰিৰ পৰা আব্দুল মজিদ:
ৰাইজৰ আমূল পৰিবৰ্তনৰ স্বাৰ্থত চৰকাৰ আৰু ৰাইজৰ মাজত পাৰ্থক্য নাইকিয়া কৰিব লাগিব।এই কাৰ্য্য কৰিব লাগিলে ৰাজনৈতিক নেতাসকল ৰাইজৰ মাজত আহিব লাগিব।"এই গুৰুত্বপূৰ্ণ মন্তব্য বিটিচি প্ৰধান প্ৰমোদ বড়োৰ।
২ ফেব্ৰুৱাৰীত ওদালগুৰি জিলাৰ কলাইগাঁৱৰ টেঙাবাৰীত এটা যোগদান কাৰ্য্যসূচীত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰমোদ বড়োয়ে।বড়োয়ে ৰাইজে পৰিৱৰ্তনৰ স্বাৰ্থতে ইউপিপিএল দলত যোগদান কৰিছে বুলি কোৱাৰ লগতে কলাইগাঁও সমষ্টিত ইউপিপিএল দলে বিধানসভাত প্ৰাৰ্থিত্ব লাভ কৰিব বুলি মন্তব্য কৰে।উল্লেখযোগ্য যে উক্ত সভাতে প্ৰায় ২০০ জন লোকে ইউপিপিএল দলত যোগদান কৰে।
- Log in to post comments
- 27 views