নিউ বঙাইগাঁও ৰে'লৱে জংচনত নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছৰ পৰা বৃহৎ পৰিমাণৰ গুলী উদ্ধাৰ

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও ৰে'লৱে জংচনত ২ ফেব্ৰুৱাৰীৰ বিয়লিৰ ভাগত নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে'লৰ এটা ডবাৰ পৰা ৰে'লৱে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ পিষ্টল আৰু ৰাইফলৰ গুলী উদ্ধাৰ কৰে ৷ জানিব পৰা মতে ৰে'লখনৰ শ্লীপাৰ শ্ৰেণীৰ ডবা এটাত এটা পৰিত্যক্ত বেগত এই গুলীখিনি আছিল ৷ নিউ বঙাইগাঁও ৰে'লৱে জংচনৰ ৰে'লৱে আৰক্ষীয়ে ৰে'লখনত চলোৱা তালাচীৰ সময়ত ডবা এটাত পৰিত্যক্ত অৱস্থাত বেগটো উদ্ধাৰ কৰে ৷ পিচত বেগটো খুলি চোৱাত বেগৰ ভিতৰত ১০০০ জাঁই গুলী উদ্ধাৰ কৰে ৷ উদ্ধাৰ কৰা গুলীসমূহৰ ভিতৰত .৩২ এম এম পিষ্টলৰ ৫০০ টা গুলী আৰু ৮ এম এম ৰাইফলৰ ৫০০টা গুলী আছিল ৷

Pic

গুলীসমূহ নাগালেণ্ডৰ ডিমাপুৰৰ পৰা বিহাৰৰ বক্সৰ জিলালৈ নি আছিল ৷ উল্লেখ্য যে বেগটো অশোক কুমাৰ যাদৱ নামৰ এজন ব্যক্তিৰ বুলি জানিব পৰা গৈছে ৷ অৱশ্যে ব্যক্তিজন ধৰা নপৰিল। ৰে'লৱে আৰক্ষীয়ে বেগখনৰ পৰা কিছু নথি- পত্ৰও উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ 

Your Comments