আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Pic

অসমৰ তৃতীয় পুৰণি তথা উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি ১৫৪ তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা চাৰুবালা কলিতাই।পতাকা উত্তোলনৰ পিছতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গীত-মাত পৰিৱেশন কৰে।প্ৰতিষ্ঠা দিৱসত বিদ্যালয়ৰ বহু প্ৰাক্তন ছাত্ৰই অংশগ্ৰহণ কৰে।প্ৰতিষ্ঠা দিৱসতে প্ৰাক্তন ছাত্ৰসকলৰ তৰফৰ পৰা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়।আনহাতে,প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কিছুদিন পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন খেল-ধেমালীৰ পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰা হয়।

Pic

১৫৩ বছৰ গৰকা অসমৰ তৃতীয় পুৰণি বিদ্যালয়খনৰ পূৰ্বৰ গৰিমা অটুত ৰখাৰ দৃঢ় পৰিকল্পনা জয়ন্ত কুমাৰ নাথ,গনেশ দাস,বিশ্বজিত বৰুৱা, শৈল বৰুৱা,মাধুৰ্য বৰা,দেৱ ৰাজবংশী প্ৰমুখ্যে কেইবাজনো প্ৰাক্তন ছাত্ৰৰ।

Your Comments