ঘগ্ৰাপাৰৰ পূব বনভাগ গাঁও পঞ্চায়তৰ পৈছাৰা গাঁৱৰ এগৰাকী বৃদ্ধা বিধৱা মহিলাৰ কৰুণ গাঁথা

Pic

*জনপ্ৰতিনিধিৰ নিৰ্বিকাৰ ভূমিকাৰ বাবে গৃহসহ কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই *

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২ ফেব্ৰুৱাৰীঃ

নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ এলেকাধীন পৈছাৰা গাঁৱৰ এগৰাকী বৃদ্ধ বিধৱা মহিলাৰ কৰুণ গাঁথা দেখিলে আপোনাৰ হয়তো চকুলো ওলাব। স্থানীয় ৰাইজৰ অভিযোগ যে এইসমূহ দেখি শুনিও নীৰৱ-নিৰ্বিকাৰ ভুমিকা পালন কৰি আহিছে জনপ্ৰতিনিধিসকলে।উল্লেখ‍্য যে পৈছাৰা গাঁও নিৱাসী প্ৰয়াত শনিৰাম বেজবৰুৱাৰ পত্নী পাৰুল বেজবৰুৱাই এগৰাকী ১২ বছৰীয়া পুত্ৰ সন্তানৰ সৈতে গোহালি সদৃশ জুপুৰীত কোনোমতে খুজি মাগি জীৱন নিৰ্বাহ কৰাৰ ঘটনাই পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে বুলি চৰ্চিত হৈছে।চৰকাৰ আহিল আৰু গ'ল,কিন্তু বিধৱা বৃদ্ধ মহিলাগৰাকীয়ে কোনো চৰকাৰী আঁচনি পাবলৈ সক্ষম নহ'ল বুলি ৰাজহুৱা অভিযোগ উত্থাপন হৈছে।সম্প্ৰতি বিধৱা মহিলাগৰাকীয়ে ভাঙি-ছিঙি যোৱা এটা জৰাজীৰ্ণ গোহালি সদৃশ গৃহত দেহত কেইবাটাও বেমাৰ লৈ জীৱন অতিবাহিত কৰাৰ সমান্তৰালভাৱে পুত্ৰ উৎপল বেজবৰুৱাক পঢ়াই- শুনাই ডাঙৰ মানুহ বনোৱা সপোন দেখিছে যদিও এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে।বিগত চৰকাৰসমূহৰ লেখীয়া বৰ্তমানৰ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু পঞ্চায়ত জনপ্ৰতিনিধিসকলে বিধৱা মহিলাগৰাকীক এটা গৃহ দিয়াতো দূৰৰৈ কথা,বৃদ্ধ পেঞ্চনো যোগান ধৰিবলৈ পৰা নাই।

Pic

সম্প্ৰতি কাণেৰে নুশুনা বিধৱা মহিলাগৰাকীৰ একমাত্ৰ গৃহটি যিকোনো মুহূৰ্ততে এজাক সৰু বতাহতে উৰুৱাই নিয়াৰ আকাংক্ষা ঘনীভূত হৈছে।ইফালে,আৰ্থিক সমস্যাৰ বাবে বিধৱা মহিলাগৰাকীয়ে দেহত হোৱা বেমাৰসমূহৰ স্বাস্থ্য পৰীক্ষা কৰিবও পৰা নাই।লগতে পুত্ৰক পঢ়া শুনাৰ বাবে এখন চকী-মেজ যোগান ধৰাত ভীষণ সমস্যাত পৰিছে বুলি অভিযোগ উঠিছে।সেয়েহে অঞ্চলটোৰ ৰাইজে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ লগতে নলবাৰীৰ বিধায়ক অশোক শৰ্মাক এগৰাকী বিধৱা মহিলাৰ কৰুণ গাঁথা এবাৰ নিজ চকুৰে চাই যাবলৈ আহ্বান জনায়।

Your Comments