ৰামদিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনঃশিক্ষাগুৰুক সম্বৰ্ধনা

বিশেষ প্ৰতিবেদক,হাজো,১ফেব্ৰুৱাৰীঃ

কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত ৰামদিয়া উচ্চ(বৰ্তমান উচ্চতৰ)মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮২ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৩১ জানুৱাৰীত দিনযোৰা কাৰ্যসূচীৰে এখন প্ৰাক্তন সতীৰ্থ সন্মিলন অনুষ্ঠিত হৈ যায়।ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত সতীৰ্থ সন্মিলনৰ কাৰ্যসূচী অনুসৰি পুৱা বিদ্যালয় প্ৰাঙ্গণত গছপুলি ৰোপন কৰে ক্ৰমে অৱসৰী অধ্যক্ষ যোগেশ চন্দ্ৰ বৰুৱা,ৰতন চন্দ্ৰ দাস,নিৰঞ্জন ডেকা আৰু হৰগোবিন্দ ডেকাই।ইয়াৰ পাছত অকাল মৃত্যুক সাৱটি লোৱা ১৪ গৰাকী প্ৰাক্তন সতীৰ্থৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।পুৱা দহ বজাত কেইবাগৰাকী শিক্ষাগুৰুৱে বন্তি প্ৰজ্বলন কৰে।দিনৰ ১১ বজাত সতীৰ্থ সন্মিলনৰ সভাপতি অঞ্জন শৰ্মাৰ সঞ্চালনাত সতীৰ্থসকলৰ চিনাকি পৰ্ব আৰম্ভ কৰা হয়।সতীৰ্থ সন্মিলনৰ কাৰ্যকৰী সভাপতি মহিবুদ্দিন আহমেদে সন্মিলনত উপস্থিত থকা ৭৮ গৰাকী  সতীৰ্থ তথা পৰিয়ালৰ সদস্যসকলক চিনাকি কৰাই দিয়ে।এই চিনাকি পৰ্বতে কেইবাগৰাকী প্ৰাক্তন সতীৰ্থই দীৰ্ঘ দিনৰ অন্তত লগ পাই আৱেগিক হৈ পৰে।বিয়লি দুই বজাৰ পৰা ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ত্ৰৈলোক্য চন্দ্ৰ ডেকাৰ সঞ্চালনাত সতীৰ্থ সন্মিলন খন অনুষ্ঠিত হয়। সম্পাদক ভবিন চন্দ্ৰ ভৰালীয়ে আঁঁত ধৰা সতীৰ্থ সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উক্ত বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ যোগেশ চন্দ্ৰ বৰুৱাই প্ৰাক্তন সতীৰ্থসকলৰ এনে প্ৰচেষ্টাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্মৰত সতীৰ্থসকলৰ মাজত বন্ধুত্ব অধিক মজবুত কৰাৰ লগতে নৱ-প্ৰজন্মকো উৎসাহিত কৰিব বুলি প্ৰকাশ কৰে।তদুপৰি, অৱসৰী শিক্ষক ক্ৰমে নবীন চন্দ্ৰ মেধি,ধীৰেন্দ্ৰ নাথ কলিতা,বলেন মেধি,সদানন্দ শৰ্মা  ৰাজমেধি,শ্ৰীকান্ত বৈশ্য,হেমলতা ভৰালীয়েয়ো প্ৰাক্তন সতীৰ্থসকলক উদ্দেশ্য কৰি বক্তব্য আগবঢ়ায়।সন্মিলনৰ অন্তত প্ৰাক্তন সতীৰ্থসকলে আঠগৰাকী শিক্ষাগুৰুক ফুলাম গামোচা আৰু একোখনকৈ কীৰ্তন পুথিৰে সম্বৰ্ধনা জনায়।


-------------------------------------------------------------------

Your Comments