নলবাৰী জিলা ছাত্র সন্থা আৰু নলবাৰী জিলা উন্নতি সভাৰ উদ্যোগত ২০২১ বৰ্ষৰ মোহন ভাইৰা বঁটা প্ৰদান

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১ ফেব্ৰুৱাৰীঃ
 
শিল্পী এখন সমাজৰ বাবে,প্ৰকৃত মানুহৰ বাবে প্ৰাণৰো প্ৰাণৰ একোটা সত্তা।প্ৰকৃত শিল্পী বেছিভাগ সময়ত চৰকাৰৰ পৰা অৱহেলিত  হৈ থকা দেখা যায়।সেই অৱহেলিত শিল্পীসকলক  সদৌ অসম ছাত্ৰৰ সন্থাই বিচাৰি আনি সন্মান যাচি  আহিছে বিভিন্ন ক্ষেত্ৰত।নলবাৰী জিলা ছাত্র সন্থাই প্ৰতি বছৰে অসমৰ লোক- সংস্কৃতিক চহকী কৰি অহা একোজনকৈ বিশিষ্ট ব্যক্তিক ২০০৯ চনৰ পৰা লোক- সংস্কৃতিৰ সাধক,সংগীত নাটক একাডেমী বঁটা প্ৰাপক মোহন ভাইৰাৰ নামত 'মোহন ভাইৰা বটা' প্ৰদান কৰি আহিছে।আজি ২০২১ বৰ্ষৰ বাবে মোহন ভাইৰা বঁটা বিশিষ্ট বাঁঁহীবাদক,লোক-সংস্কৃতিৰ সাধক নলবাৰী জিলাৰ টিহুৰ বাসিন্দা হৰেকৃষ্ণ তালুকদাৰক প্ৰদান কৰা হয়।বঁটাত আছে নগদ ধন,জাপি,ফুলাম গামোচা আৰু স্মাৰক।উল্লেখযোগ্য যে ২০০৯ চনত এই বঁটা লাভ কৰিছিল ক্ৰমে পুণ্যপ্ৰভা দত্ত তামুুলী,২০১০ ত সীতা ৰাম ৰায়,২০১১ ত মুক্তাৰাম বৰুৱা ওজা,২০১২ মাণিক শইকীয়া ওজা,২০১৩ ৰূহিন ৰাভা,২০১৪ ত দ্বিজেন গগৈ,২০১৫ লাভ কৰিছিল প্ৰভাত শৰ্মা,২০১৬ হৰি বৰবায়ন,২০১৭ ৰামচৰণ ভড়ালী,২০১৮ লোকনাথ কুটুমে।২০১৯ বৰ্ষত 'কা' আন্দোলনৰ বাবে প্ৰদান কৰা নাই,ইফালে ২০২০ কোভিদৰ বাবে প্ৰদান কৰা নাই।

Pic

আনহাতে,আজি ২০২১বৰ্ষত হৰেকৃষ্ণ তালুকদাৰক এই বঁটা প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ সমন্বিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে।ইফালে বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বে 

নলবাৰীৰ গড়কাপ্তানী বাংলোৰ পৰা এটা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে নলবাৰীৰ শ্বহীদ ভৱন বাকৰিলৈ আদৰি আনি এই বঁটা প্ৰদান কৰে।আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰী ,নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সম্পাদক অক্ষয় ডেকা,ৰাজ্যিক কাৰ্য্যনিৰ্বাহক ৰিয়াজ উদ্দিন আহমেদৰ লগতে কেইবাগৰাকীও ব্যক্তি।বঁটা প্ৰদানৰ পিছতে হৰেকৃষ্ণ তালুকদাৰে  বাঁঁহীবাদনৰে আপ্লুত কৰে ।

Your Comments