হাজোত অগপ বিধান পৰিষদ সমিতিৰ কাৰ্য্যনিৰ্বাহক সভাঃমিত্ৰতা ৰক্ষা কৰি হাজো অগপক এৰি দিবলৈ আহবান 

বিশেষ প্ৰতিবেদক,হাজো:

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অন্যান্য ৰাজনৈতিক দলৰ সমান্তৰালভাৱে হাজোত অগপৰ সাংগঠিনক তৎপৰতা আৰম্ভ  হৈছে।

তদুপলক্ষে ৩১ জানুৱাৰীত হাজো অগপৰ মুখ্য কাৰ্যালয় পঞ্চতীৰ্থ ভৱনত অগপ নেতা তথা প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইনৰ উপস্থিতিত এখন কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়।হাজো বিধান পৰিষদৰ সভাপতি প্ৰদীপ কুমাৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত কাৰ্য্যনিৰ্বাহক সভাত আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয়।শতাধিক দলীয় নেতা-কৰ্মী উপস্থিত থকা  সভাত আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। চাৰিবাৰকৈ অগপ দলৰ দখলত থকা সমষ্টিটো পুনৰ উদ্ধাৰ কৰাৰ বাবে দলীয় নেতা-কৰ্মীসকলে মাৰ বান্ধি থিয় হোৱা পৰিলক্ষিত হয় সভাখনত।

ইফালে,এই সভাতে সম্প্ৰতি বিজেপিৰ সৈতে থকা মিত্ৰতা অক্ষুন্ন ৰাখি এইবেলি হাজো বিধানসভা সমষ্টিটো অগপ দলক এৰি দিবলৈ আহবান জনায় দলীয় নেতা-কৰ্মীয়ে।অন্যথা এই বেলি মিত্ৰতা ভংগ কৰি হ'লেও সমষ্টিটোত অগপই নিৰ্বাচনত অৱতীৰ্ণ হব বুলি নেতা-কৰ্মীসকলে হুংকাৰ দিয়ে। এই কাৰ্য্যনিৰ্বাহক সভাত অগপৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইনৰ উপৰিও নাৰায়ণ নম:শূদ্ৰ, বলী কলিতা,গোলোক ওজা, দিগন্ত পাঠক, বৰুণ তালুকদাৰ, মেৰিনা বেগম শইকীয়া, আটাউৰ ৰহমান,হাইদৰ আলী শইকীয়া,ৰাতুল ভৰালী, মৃদুল হুছেইনকে ধৰি কেইবাগৰাকী অগপ নেতা উপস্থিত থাকে।

 

Your Comments