বিশেষ প্ৰতিবেদক,হাজো:
আসন্ন অসম বিধানসভা নিৰ্বাচনক লৈ শাসনাধিষ্ঠ বিজেপি দলকে ধৰি বিভিন্ন ৰাজনৈতিক দলসমূহে ইতিমধ্যে কুছকাৱাজ আৰম্ভ কৰিছে।ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৫৫ নং হাজো বিধানসভা সমষ্টিতো বিজেপিৰ ৰাজ্যিক এছচি মৰ্চাৰ নিৰ্দেশ মৰ্মে ৩১ জানুৱাৰীত বিশাল চাইকেল ৰেলী উলিয়ায়। হাজো মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ পৰা দিনৰ বাৰ বজাত উলিওৱা এই চাইকেল ৰেলী আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি নন্দন তালুকদাৰে।তিনি শতাধিক দলীয় কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰা এই ৰেলী হাজোৰ মূল পথেৰে ৰামদিয়া-উজানকুৰি- চকামতলী-বৰুৱাবাৰী হৈ পুনৰ বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয়।
এই ৰেলীত উত্তৰ কামৰূপ জিলাৰ সভাপতি নন্দন তালুকদাৰ,হাজোৰ মণ্ডলৰ সভাপতি ভূপেন কলিতা, উত্তৰ হাজো মণ্ডলৰ সভাপতি তিলক শৰ্মা,ৰাজ্যিক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক নিবাৰণ লহকৰ বিজেপি,ৰাজ্যিক সম্পাদিকা পৰমীক দাস, উত্তৰ কামৰূপ জিলা এছচি মৰ্চাৰ সভাপতি নগেন মালাকাৰ,ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মা,জীতেন্দ্ৰ পাটোৱাৰী,হাজো মণ্ডল বিজেপিৰ সম্পাদ মৃণাল কলিতাৰ লগতে দলীয় কাৰ্যকৰ্তা সকলে অংশগ্ৰহণ কৰে।তদুপৰি,বিজেপিৰ বিগত পাঁচ বছৰীয়া কাৰ্যকালত ৰাইজৰ উন্নয়নৰ হকে কি কি কৰিলে সেই সন্দৰ্ভত যুগুত কৰা প্ৰতিবেদন আনুষ্ঠানিকভাৱে মুকলি কৰে।
- Log in to post comments
- 15 views