আলফা(স্বা)ৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ'ল পশ্চিমবংগৰ বয়োজ্যেষ্ঠ লোক 

Pic

“বৈপ্লৱিক অভিনন্দন গ্ৰহণ কৰিব,সাংগঠনিক কাম-কাজ কৰিবলৈ আপোনাৰ পৰা ৩ লাখ টকা বৰঙণি হিচাপে বিচৰা হৈছে,এদিনৰ ভিতৰতে টকাখিনি এটা ক’লা বেগত ভৰাই এটা ডাষ্টবিনত ভৰাই থৈ দিব ৷ এই বিষয়ে আৰক্ষীক অৱগত কৰাৰ পৰা বিৰত থাকিব, অন্যথা ইয়াৰ পৰিণাম বেয়া হ’ব।”- আলফা (স্বা), গোৱালপাৰা তিনি নং শাখা, ৰংখো দাস৷

এনেদৰে যোৱা শনিবাৰৰ পুৱা আলফা(স্বাধীন)ৰ নাম সম্বলিত এখন পত্ৰ হাতত পৰে গোৱালপাৰাৰ এগৰাকী ব্যৱসায়ীৰ। চিঠিখন পায় অবাক হৈ পৰে ব্যৱসায়ীজন। কিন্তু কিছু সময়ৰ পিছতে ওলাই পৰিল প্ৰকৃত ৰহস্য ৷ 

ঘটনা অনুসৰি, গোৱালপাৰা জিলাৰ ধূপধৰা মিলন সংঘৰ সমীপৰ "দ্ৰোণ মেডিকেল ষ্টোৰ" নামৰ ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী দ্বিবেন্দু পোদ্দাৰলৈ ধন দাবী পত্ৰখন প্ৰেৰণ কৰা হৈছিল। পিছত মেডিকেল ষ্টোৰখনত থকা চি চি টি ভি কেমেৰাত উক্ত ধনদাবী পত্ৰখন তাত থৈ যোৱা লোকজনক গৌতম গুপ্তা বুলি চিনাক্ত কৰা হয়।পৰৱৰ্তী সময়ত ঘটনাৰ সন্দৰ্ভত ধূপধৰা আৰক্ষী থানাত অৱগত কৰাৰ পিছত ধূপধৰা আৰক্ষীৰ  এটা দলে ধূপধৰাৰ কলিতাপাৰাৰ পৰা ভাড়াতীয়া হিচাপে থকা গৌতম গুপ্তাক গ্ৰেপ্তাৰ কৰে।


ধৃত গৌতমে সহজ ধন লাভৰ মোহত  আলফাৰ নাম লৈ ব্যৱসায়ীজনক ধন দাবী কৰিছিল। সহজ ধনৰ লোভত পৰি এতিয়া ৰঙাঘৰৰ আলহী হ’বলগীয়া হ'ল কলকাতাৰ বয়োজ্যেষ্ঠ লোকজন৷

Your Comments