বঙাইগাঁঁৱৰ প্ৰতিবেদক:
সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়তো যোৱা ৩০ জানুৱাৰীত জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱসত ছহিদ দিৱস পালন কৰা হয়।এই উপলক্ষে কাৰ্যালয়টোৰ সমূহ বিষয়া - কৰ্মচাৰীসকলে একেলগে সমবেত হৈ পুৱা ১১ বজাৰ পৰা ১১.০২ বজালৈ ২ মিনিট সময় মৌনতা অৱলম্বন কৰি জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জনাই ছহিদ দিৱস পালন কৰে। মৌনতা কাৰ্যসূচী পালনৰ পিছতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত উপায়ুক্ত ডাঃ এম এছ লক্ষীপ্ৰিয়াৰ লগতে অতিৰিক্ত উপায়ুক্তসকল আৰু কাৰ্যলয়টোৰ আন-আন বিষয়া কৰ্মচাৰীসকলে পুষ্পাৰ্ঘ্য অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপায়ুক্তগৰাকীয়ে নিজৰ ভাষণত মহামানৱ মহাত্মা গান্ধীৰ কৰ্ম-জীৱন সন্দৰ্ভত দুআষাৰ বক্তব্য প্ৰদান কৰি উপস্থিত সকলোকে তেওঁৰ আদৰ্শ আৰু নীতি পালন কৰি চলিবলৈ আহ্বান জনায় ৷ ইফালে, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো ছহিদ দিৱস পালন কৰা হয়৷
- Log in to post comments
- 6 views