দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৩০ জানুৱাৰীঃ
নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৪ নং পূব বনভাগ গাঁও পঞ্চায়তৰ বৰাজোলত আজি গ্ৰাম্য বিকাশ মঞ্চৰ দ্বাৰা সংস্থাপিত সৌৰশক্তি চালিত হিমঘৰ এটিৰ নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত গ্ৰাম্য বিকাশ মঞ্চৰ সঞ্চালক পৃথিভুৱন ডেকা,নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত ফিৰদ্দুছ আলাম,পূব বনভাগ গাঁও পঞ্চায়তৰ সভানেত্ৰী নমিতা ৰাজবংশী,বৰাজোল হাইস্কুলৰ প্ৰধান শিক্ষক ৰমণী মোহন দাস,নলবাৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদিকা পদ্ম ৰামচিয়াৰী,বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিমাংগ দাসকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে।
হিমঘৰটো মুকলি কৰি বিধায়কগৰাকীয়ে ভাষণত হিমঘৰটোৰ জড়িয়তে অঞ্চলটোৰ ব্যৱসায়ীসকলৰ দীৰ্ঘদিনীয়া সমস্যা দুৰ হ'ব বুলি সদৰি কৰে।লগতে বিধায়কগৰাকীয়ে ইয়াকো কয় যে হিমঘৰটোত ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ৰাহি হোৱা শাক-পাচলি,ফল-মূল আদি জমা কৰিব পাৰিব।
- Log in to post comments
- 32 views