শিৱসাগৰত সদৌ অসম গাওঁৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Pic

*মুকলি সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল* #শিৱসাগৰৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই: শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত শুকুৰবাৰে সদৌ অসম গাওঁৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । অসম আৰক্ষীৰ গাওঁৰক্ষী বাহিনীৰ ২৮ আৰু ২৯ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মুকলি সভাত নিমন্ত্ৰতি অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।অসমৰ বিভিন্ন জিলাৰ পৰা অহা ভালেসংখ্যক গাঁওৰক্ষী বাহিনীৰ ৩৪ গৰাকী প্ৰতিনিধিক বঁটা প্রদান কৰা হয় । লগতে ২৬ চক্র সংগঠক বঁটা প্ৰদান কৰে। বৃহস্পতিবাৰৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলে এক প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰে। ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে এটা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। তাৰ অন্তত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্যমন্ত্ৰীৰ লগত আন ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।প্ৰতিষ্ঠা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্ন ৰংঘৰ আৰু তলাতল ঘৰক আলোকসজ্বাৰে সজাই তোলে আৰক্ষী প্ৰশাসনে।শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষণৰ বাবে এনে ব্যৱস্থা কৰা হৈছে বুলি আৰক্ষী প্ৰশাসনে জানিবলৈ দিছে।

Pic

অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে ৰাজহ মন্ত্ৰী যোগেন মোহন, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, থাউৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, আমগুৰি সমষ্টি বিধায়ক প্ৰদীপ হাজৰিকা, শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা,সোনাৰী সমষ্টিৰ বিধায়ক নৱনীতা সন্দিকৈ, ৰাজ্যসভাৰ সাংসদ তপন গগৈৰ লগতে আৰক্ষীৰ বিভিন্ন উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে বিভিন্ন গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

Your Comments