ব্ৰিটিছ চৰকাৰৰ শোষণ আৰু বঞ্চনাৰ প্ৰতিবাদ কৰি ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটত ১৪০ জন কৃষকে ব্ৰিটিছৰ গুলীত প্ৰাণ হেৰুৱাইছিল । পথৰুঘাটত প্ৰতিবছৰে শ্বহীদ কৃষকসকলক স্মৰণ কৰি ২৮ জানুৱাৰীৰ দিনটোত 'কৃষক শ্বহীদ দিৱস' হিচাপে পালন কৰা হৈ আহিছে ।
প্ৰত্যেক বছৰৰ দৰে এই বছৰো কৰা পালন কৰা হ’ল কৃষক শ্বহীদ দিৱস ৷ পথৰুঘাটৰ এই শ্বহীদ দিৱসত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পথৰুঘাটত উপস্থিত থাকি দক্ষতা বিকাশ প্ৰকল্প আৰু কৃষি বিকাশ প্ৰকল্পৰ উদ্বোধন কৰে ৷
- Log in to post comments
- 16 views