হাজোৰ-চেঁঁচামুখ চক্ৰশিলা হৰিমন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন

বিশেষ প্ৰতিবেদক,হাজো: তীৰ্থনগৰী হাজোৰ চেঁঁচামুখ চক্ৰশিলা হৰিমন্দিৰৰ ৩২সংখ্যক প্ৰতিষ্ঠা দিৱসটি অহা ১ আৰু ২ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে। ইতিমধ্যে বীৰেন দাসক সভাপতি আৰু ধৰণী কলিতাক সম্পাদক হিচাপে লৈ এখন পৰিচালনা সমিতি গঠন কৰিছে। কাৰ্যসূচী অনুসৰি, পহিলা ফেব্ৰুৱাৰীৰ প্ৰথম দিনটোত পুৱা ৯:৩০ বজাত ধৰ্মীয় শোভাযাত্ৰাৰে অনুষ্ঠান মুকলি কৰিব হাজো আঞ্চলিক পঞ্চায়তৰ উপসভাপতি কুমুদ কলিতাই। এই ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব পছৰীয়া পুৰাণ পাৰাৰ শিৱ সংকীৰ্তন দল, চেঁচামুখ মহিলা নামতী দল,পছৰীয়া মিলনপুৰৰ মা-লক্ষ্মী ঢুলীয়া পাৰ্টী আৰু চেঁচামুখ গাঁৱৰ সমূহ ৰাইজে। ইফালে, ২ ফেব্ৰুৱাৰীৰ পুৱা ৭:৩০ বজাত গুৰুপূজাৰে অনুষ্ঠানৰ পাতনি মেলি ৯:০০ বজাত নিজ বাউসী নীতিবাগীশ উমেশ কলিতাই ধৰ্মধ্বজা উত্তোলন কৰিব। ইয়াৰ পিছতে উদ্যোগ বিভাগৰ সহকাৰী সঞ্চালক উমেশ কুমাৰে বৃক্ষৰোপন কাৰ্য্যসূচী সমাপন কৰাৰ অন্তত চিদানন্দ কলিতা বৈঞ্চৱে ভাগৱত পাঠ কৰিব। দুপৰীয়া মহাভোগ বিতৰণৰ পিছতে নিমন্ত্ৰিত অতিথিৰ অভ্যৰ্থনা আৰু বিয়লিৰ পৰা বিশেষ আকৰ্ষণ মহিলা নাগাৰা নাম প্ৰদৰ্শন কৰিব পাঠিকাদ্বয় ক্ৰমে মৰমী শইকীয়া(বিষ্ণুপ্ৰিয়া মহিলা নাগাৰা নামতী দল,ছিপাঝাৰ)আৰু কুসুম দেৱীয়ে(মহিলা নাগাৰা নামতী দল ভালুকখোৱাপাৰা,দৰং)।মহিলা নাগাৰা নাম উদ্ধোধন কৰিব হাজো বিধানসভা সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই।ইয়াৰ পিছতে সন্ধিয়া বন্তি প্ৰজ্জ্বলন কৰিব উদ্যোগপতি বনমালী শৰ্মা,কামৰূপ জিলা পৰিষদৰ অধ্যক্ষা ৰীতা তালুকদাৰ আৰু ৯১নং মনাহকুছি-বাহানা- হাদালা-চেঁচামুখ গাঁও পঞ্চায়তৰ সভানেত্ৰী মঞ্জু দাসে।নিশা প্ৰসাদ বিতৰণ অনুষ্ঠানেৰে প্ৰতিষ্ঠা দিৱসৰ সামৰণি পৰিব।

Your Comments