দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলা ছাত্র সন্থাই প্ৰতি বছৰে অসমৰ লোক-সংস্কৃতিক চহকী কৰি অহা একোজনকৈ বিশিষ্ট ব্যক্তিক ২০০৯ চনৰ পৰা লোক-সংস্কৃতিৰ সাধক সংগীত নাটক একাডেমী বটা প্ৰাপক 'মোহন ভাইৰা বটা' বঁটা প্ৰদান কৰিছে।২০২১ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰিব বিশিষ্ট বাহীবাদক,লোক-সংস্কৃতিৰ সাধক নলবাৰী জিলাৰ টিহুৰ হৰেকৃষ্ণ তালুকদাৰক।অহা ১ ফেব্ৰুৱাৰীত শ্বহীদ ভৱন বাকৰিত প্ৰদান কৰিব এই বঁটা।এই বঁটাত থাকিব নগদ ধন,জাপি,ফুলাম গামোচা আৰু স্মাৰক।এই বঁটা প্ৰদান কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে।২৮ জানুৱাৰীত নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰীৰ শ্বহীদ ভৱনত এখন সংবাদমেল যোগে এই ঘোষণা কৰে।
উল্লেখযোগ্য যে এই সংবাদমেলত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰিয়াজ উদ্দিন আহমেদ,জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক,সম্পাদক অক্ষয় ডেকাৰ লগতে নলবাৰী জিলা উন্নতি সভাৰ ৰাতুল চন্দ্ৰ ডেকা উপস্থিত থাকে।মোহন ভাইৰাৰ মৃত্যু তিথি ১ ফ্ৰেব্ৰুবাৰীত এই বঁটা প্ৰদান কৰিব।
- Log in to post comments
- 13 views