উত্তৰ গুৱাহাটী,২৭ জানুৱাৰী:
'ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ' (১৮ জানুৱাৰী-১৭ ফেব্ৰুৱাৰী) উপলক্ষে আজি আমিনগাঁৱৰ কালীবাৰীত অসম লোকনিৰ্মাণ বিভাগৰ জালুকবাৰী-হাজো পথ সংমণ্ডল বিভাগে এটা সজাগতা শিবিৰ অনুষ্ঠিত কৰে।উক্ত শিবিৰত অংশগ্ৰহণ কৰে জালুকবাৰী-হাজো পথ সংমণ্ডল বিভাগৰ কাৰ্যবাহী অভিযন্তা মৃদুল দাস তথা বিভাগৰ অন্যান্য বিষয়াবৰ্গই।।দাসে চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ বাণী 'পথ সুৰক্ষা-জীৱন ৰক্ষা' সন্দৰ্ভত শিবিৰত উপস্থিত ৰাইজৰ আগত ব্যাখ্যা কৰে।তেওঁ ৰাইজক পথ সুৰক্ষাৰ নীতি-নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায়।এনে নিৰ্দেশনাসমূহ মানি চলিলে দুৰ্ঘটনা যথেষ্ট হ্ৰাস পাব বুলি তেওঁ কয়। শিবিৰত অংশগ্ৰহণ কৰি স্থানীয় ৰাইজে পথ সুৰক্ষা সন্দৰ্ভত নীতি-নিৰ্দেশনাসমূহৰ বিষয়ে সুন্দৰভাৱে অৱগত হ'ব পাৰিব বুলি কাৰ্যবাহী অভিযন্তা দাসে উল্লেখ কৰে।শিবিৰটোত স্থানীয় বহু লোকে অংশগ্ৰহণ কৰি পথ সুৰক্ষা বিষয়ত উপকৃত হয়।
- Log in to post comments
- 6 views