'পোষ্টেল ডায়েৰী' অসমীয়া সাহিত্যলৈ নৱৰসৰ সমাহাৰঃড° বিনীতা বৰা দেৱ চৌধুৰী 

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৬ জানুৱাৰীঃ 

আৰক্ষীৰ ডায়েৰী বা কাৰাগাৰৰ ডায়েৰী নহয় ; এইবাৰ চৰ্চালৈ আহিছে 'পোষ্টেল ডায়েৰী।' প্ৰকাশৰ পূূৰ্বে চৰ্চালৈ অহা লেখক অজিত ৰাজবংশীৰ এই 'পোষ্টেল ডায়েৰী’ দেওবাৰে  নলবাৰীৰ নন্দেশ্বৰ শইকীয়া ভৱনত উন্মোচিত হয়৷উক্ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুখ্য উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট লেখিকা ড° বিনীতা বৰা দেব চৌধুৰী৷নিজৰ ভাষনত চৌধুৰীয়ে পোষ্টেল ডায়েৰী অসমীয়া সাহিত্যলৈ নতুন ৰসৰ সমাহাৰ বুলি উল্লেখ কৰে৷নলবাৰীৰ সাহিত্য- সংস্কৃতিৰ বহুকেইগৰাকী পুৰোধা ব্যক্তিৰ উপস্থিতিত 'সাহিত্য-সংস্কৃতিৰ বৃহত্তৰ মঞ্চ, অসম' তথা 'নতুন কুৰুক্ষেত্ৰ'ৰ উদ্যোগত অনুুুষ্ঠিত হোৱা অনুষ্ঠানটো উদ্বোধন কৰে ভাৰতীয় ডাক বিভাগৰ বিষয়া আব্দুল জলিল তালুকদাৰে৷ 

‌সুদীৰ্ঘ ২৪ বছৰীয়া ডাক জীৱনৰ অভিজ্ঞতাৰ আলম লৈ এখন দৈনিক কাকতত ধাৰাবাহিকভাৱে প্ৰকাশ পোৱা 'পোষ্টেল ডায়েৰী’ শীৰ্ষক স্তম্ভৰ নিৰ্বাচিত ৫০ টা খণ্ডৰ  এই ডাক গল্প পুথিখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ ’অসম পাব্লিচিং কোম্পানীয়ে’৷ অনুষ্ঠানত নিজৰ ভাষনত 'পোষ্টেল ডায়েৰী’ৰ স্ৰষ্টা ৰাজবংশীয়ে কয়, "প্ৰতিজন মানুহে যেতিয়া নিজৰ পৰিচয় দিয়ে,ঠিক তেতিয়াই ঠিকনাৰ শেষৰ পিনে ডাকঘৰৰ উল্লেখেৰে অজানিতভাৱেই তেওঁ ডাকঘৰৰ স'তে সংযুক্ত হয়৷পোষ্টেল ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাত আছে ডাককৰ্মী আৰু জনসাধাৰণৰ সংযুক্তত সৃষ্ট কাহিনী,য’ত আপুনি নিজেও অজানভাৱে এক চৰিত্ৰ হিচাপে ভূমুকি মাৰিছে৷" 

Pic

জেচিকা ৰাজৰ সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে সাহিত্যাচাৰ্য নলবাৰী ৰত্ন ড° বসন্ত কুমাৰ ভট্টাচাৰ্য আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা আৰু বিশিষ্ট সাংবাদিক এম মহিবৰ ৰহমান৷ নতুন কুৰুক্ষেত্ৰৰ সম্পাদক,বিশিষ্ট লিখক হিতেশ ডেকাই আঁঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট কবি পংকজ গোবিন্দ মেধি,নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মন,নাট্যকাৰ নৱৰত্ন পাটোৱাৰী,কবি কমলকুমাৰ জৈন, কবি হীৰেন্দ্ৰ কুমাৰ শৰ্মা, ঔপন্যাসিক নীলিম আকাশ কাশ্যপ,কবি দীপালীমা দত্ত, গল্পকাৰ তৰুলতা বৈশ্য, সহকাৰী ডাক অধীক্ষক সৰোজ কুমাৰ ভট্টাচাৰ্য, নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিকাশ ভট্ট ,কন্ঠশিল্পী নন্দকিশোৰ ভূঞা , বিশিষ্ট অনুবাদক মানসজ্যোতি শৰ্মা, কবি শান্তনু শৰ্মা, কবি নিতুল কুমাৰ দত্ত, অভিনয় শিল্পী ৰোজী ভট্ট আৰু বহুকেইগৰাকী বিশিষ্ট লোক৷

Your Comments