নগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ:কুৰিজনক আটক

Pic

নগাঁঁৱৰ পৰা ৱাহিদুদ জামান:

নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰবৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ শতাধিক সদস্যই ২০ জানুৱাৰীত চহৰখনত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

জোঁৰ সমদল কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমণি বড়া,সম্পাদক প্ৰাগজ্যোতিষ বনীয়া,কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰবীণ চন্দ্ৰ দাসৰ লগতে সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

জোঁৰ সমদলৰ কাৰ্যসূচীৰ মাজতে নগাঁও আৰক্ষীয়ে যুৱ-ছাত্ৰ পৰিষদৰ কুৰিজনৰো অধিক প্ৰতিবাদীকাৰীক আটক কৰে।

Your Comments