কৰ্ণাটকৰ পৌৰ নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়

কৰ্ণাটকৰ পৌৰ নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়

পুনৰ মুখ থেকেচা খালে বিজেপিয়ে ৷ কৰ্ণাটকত পৌৰ নিৰ্বাচনত কংগ্ৰেছৰ হাতত শোচনীয়ভাৱে পৰাজিত মোডী-অমিত শ্বাহ-য়েডিয়ুৰাপ্পাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকল ৷

কৰ্ণাটকৰ মুঠ ২,২৬৭খন পৌৰসভা আসনৰ নিৰ্বাচনত কংগ্ৰেছ আৰু জে ডি এছৰ জোঁটে লাভ কৰিছে ১,৩৫৭খন আসন আৰু বিজেপিয়ে লাভ কৰিছে মাত্ৰ ৯২৯খন আসন ৷ ৰাজ্যখনৰ ১০০টা পৌৰ বোৰ্ডৰ ভিতৰত অধিকাংশ কংগ্ৰেছ আৰু জেডিএছৰ জোঁটে দখল কৰিছে ৷

সমাগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ পৌৰ নিৰ্বাচনৰ ফলাফল বিজেপিৰ বাবে অশনি সংকেত হিচাপেই বিবেচিত হৈছে ৷ আনহাতে, এই ফলাফলক লৈ ৰাহুল গান্ধীৰ কংগ্ৰেছ বাৰুকৈ উজ্জীৱিত হৈ পৰিছে ৷

কৰ্ণাটকৰ পৌৰ নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়

২০১৯ চনৰ প্ৰথমভাগত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ কিন্তু তাৰপূৰ্বে মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ এতিয়ালৈকে বিভিন্ন জনমত সমীক্ষাৰ পৰা পোৱা আভাষ মতে, এই ৰাজ্য দুখনতো বিজেপিয়ে ক্ষমতা হেৰুওৱাৰ সম্ভাৱনা প্ৰৱল ৷

ৰাজস্থান আৰু মধ্যপ্ৰদেশত কেইবাখনো লোকসভা আসনত সম্প্ৰতি হোৱা উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীসকল শোচনীয়ভাৱে পৰাজিত হৈছিল ৷ একে ফলাফল দেখা গৈছে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ কেইবাটাও সমষ্টিৰ উপ-নিৰ্বাচনতো ৷

এনে পৰিস্থিতিত কংগ্ৰেছে বিজেপিক ক্ষমতাচ্যুত কৰাৰ কাৰণে মহাজোঁট গঠন কৰিবলৈ তৎপৰ হৈ পৰিছে ৷ যদি এই ধৰণৰ জোঁট গঢ়ি উঠে তেনেহ’লে সমাগত নিৰ্বাচনত যথেষ্টসংখ্যক আসন বিজেপিয়ে হেৰুওৱাটো নিশ্চিত ৷

লক্ষণীয় যে কৰ্ণাটকত নগৰাঞ্চলবিলাকত বিজেপি দীৰ্ঘদিনৰে পৰাই প্ৰৱল শক্তিশালী ৷ কিন্তু এইবাৰ পৌৰ নিৰ্বাচনৰ ফলাফলত তাৰ ওলোটা ছবিহে দেখা গ'ল ৷ দেশজুৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ জনপ্ৰিয়তা যে ব্যাপক হাৰত হ্ৰাস পাইছে, কৰ্ণাটকৰ পৌৰ নিৰ্বাচন আৰু বিভিন্ন ৰাজ্যৰ কেতবোৰ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলে তাৰেই ইঙ্গিত বহন কৰিছে ৷ 

Your Comments